অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই তেজপুৰৰ এখন দলীয় সভাত বিস্ফোৰণ ঘটালে ৷ তেজপুৰত অগপৰ অবিভক্ত দৰং জিলাৰ সতীৰ্থ সন্মিলনত অগপ নেতা কেশৱ মহন্তৰ মুকলি বক্তব্য- বিজেপিয়ে অগপক মিত্ৰৰ মৰ্যাদা দিয়া নাই ৷ চৰকাৰী আঁচনিসমূহকলৈ দলীয় ৰাজনীতি কৰা বুলি বিজেপিৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি থকা অগপৰ কৰ্মীৰ কেশৱ মহন্তৰ শেহতীয়া বক্তব্য অতি তাৎপৰ্যপূৰ্ণ৷
বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি জনগণৰ ক্ষোভ ক্ৰমাৎ বৃদ্ধি হোৱাৰ প্ৰভাৱ ক্ৰমে অগপৰ তৃণমূলৰ কৰ্মীসকলৰ ওপৰতো পৰা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ সম্পূৰ্ণ বিপৰীত দিশে চৰকাৰখনে গতি লোৱাত অগপৰ তিনিজন মন্ত্ৰীও যে অসন্তুষ্ট সেয়া লাহে লাহে স্পষ্ট হৈ পৰিছে ৷
অসমৰ ভূমিৰ ওপৰত হোৱা অগপ এক আঞ্চলিক শক্তি, আঞ্চলিক ৰাজনীতি সদায় গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ হয় ৷ বিজেপিৰ কৰ্ম পদ্ধতিয়ে অগপৰ নেতৃবৰ্গক প্ৰথম পৰ্যায়ৰ পৰাই অসন্তুষ্ট কৰিছিল ৷ ৰাজনৈতিক পৰিস্থিতি আৰু সামাজিক পৰিবেশ বাবেহে যে অগপই বিজেপিৰে মিত্ৰতা কৰিব লগা হৈছিল, সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে ৷ মিত্ৰ শক্তি হিচাপে অগপৰ নীতি, আদৰ্শ, লক্ষ্যক অলপ হ’লেও বিজেপিয়ে সন্মান তথা সহযোগ কৰা উচিত আছিল৷
প্ৰতিটো ক্ষেত্ৰতে অগপৰ নীতি আৰু উদ্দেশ্যৰ সম্পূৰ্ণ বিপৰীত দিশেৰে বিজেপি চৰকাৰ পৰিচালিত হোৱাত অগপৰ বাবে আঞ্চলিক ৰাজনীতিৰ চৰিত্ৰ ৰক্ষা কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷ ফলত মিত্ৰ শক্তি হিচাপে চৰকাৰ পৰিচালনা কৰাৰ লগতে সমান্তৰালভাৱে সংগ্ৰামী ৰাজনীতিত অগপৰ নেতৃবৰ্গ জড়িত হৈ পৰিব লগা হৈছে ৷

বিজেপিৰ কৰ্ম-কাণ্ডই বিতুষ্ট কৰা অসমৰ সচেতন মহলৰ মতে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগপই নেতৃত্ব গ্ৰহণ কৰক ৷ অসমৰ জনগাঁথনিয়ে আঞ্চলিক তথা জাতীয়তাবাদী শক্তিসমূহকহে প্ৰাধান্য দিয়ে বুলি সচেতন মহলে ক’ব বিছাৰে ৷ পঞ্চায়ত নিৰ্বাচন অগপই নিজৰ পতাকাৰ তলত সমগ্ৰ অসমত খেলাৰ সিদ্ধান্তক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পৰ্ব্ব হিচাপে গ্ৰহণ কৰা উচিত বুলি ৰাজ্যৰ জাতীয়তাবাদী শিবিৰটোৱে আশা কৰিছে৷
ৰাজ্যখনৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ২০১৯ৰ লোকসভা নিৰ্বাচনত অগপই শক্তিশালী প্ৰাৰ্থী নিজৰ পতাকাৰ তলত থিয় কৰালেও ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে মিত্ৰতা এৰাই চলাৰ যদি সময় হোৱা নাই তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু আঞ্চলিক শক্তিৰ আসন সমানভাৱে ভগাই লোৱা উচিত বুলি এটা মহেল ক’ব বিচাৰে ৷ আঞ্চলিক শক্তিক ৰাষ্ট্ৰীয় শক্তিয়ে গ্ৰাস কৰাটো জাতীয়তাবাদী শিবিৰে সমৰ্থন নকৰে৷
অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে নেতৃবৰ্গৰ দৃঢ় বক্তব্যসমূহে আঞ্চলিকতাবাদী সমাজখনলৈ কিছু আশা কঢ়িয়াই আনিছে ৷ সোণোৱাল চৰকাৰৰ মন্ত্ৰিত্ব গ্ৰহণ কৰিও কেশৱ মহন্ত পূৰ্বৰ বিধায়কৰ বাসগৃহতে থকাটো আৰু ফণীভূষণ চৌধুৰীয়েও মন্ত্ৰিত্ব গ্ৰহণ কৰি পূৰ্বৰ বিধায়কৰ আবাসতে আছে ৷ মন্ত্ৰী অতুল বৰা বেছি ভাগ সময়ত ব্যক্তিগত গৃহতে থকা পৰিলক্ষিত হয় ৷
ৰাজনৈতিক প্ৰশ্নটো হ’ল অগপৰ এই তিনিওজন নেতা তথা সোণোৱাল চৰকাৰৰ মন্ত্ৰীয়ে মন্ত্ৰীৰ বাবে থকা চৰকাৰী আবাসক গুৰুত্ব দিয়া নাই কিয়? মিত্ৰশক্তি হিচাপে খোজ দিওঁতেই অগপৰ নেতা কেইজনে উপলব্ধি কৰিছিল নেকি যে সময়ত বেলেগ সিদ্ধান্তও ল’ব লগা হ’ব পাৰে ? শেহতীয়াভাৱে ৰাজনৈতিক মহলত এই বিষয়টোয়ে গুৰুত্ব লাভ কৰিছে ৷
- Log in to post comments
- 50 views
