ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যাগত মহকুমাধিপতিৰ কাৰ্য্যলয়ৰ সভাকক্ষত মহকুমাধিপতি মুনীন্দ্র বৰদলৈৰ সঞ্চালনাত আজি পলিথিন আৰু প্লাষ্টিক মুক্ত ৰঙিয়া গঢ়াৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত প্লাষ্টিকৰ অধিক ব্যৱহাৰৰ ফলত প্ৰদূষণৰ ভয়াবহতা বৃদ্ধি পাবলৈ ধৰিছে বুলি মন্তব্য কৰে মহকুমাধিপতি মুনীন্দ্র বৰদলৈয়ে। ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে জ্যেষ্ঠ নাগৰিক, মুক্তি যোদ্ধা, শিক্ষক,চৰকাৰী কৰ্মচাৰী, অধিবক্তা, পৌৰসভাৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণৰ বিষয়ববীয়াসকল আজিৰ সভাত উপস্থিত থাকে।
সভাখনত উপস্থিত থকা অসম চৰকাৰৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে নিজ বক্তব্যত কয় যে আমি প্ৰত্যোক জন নাগৰিকে যদি সচেনত হৈ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ আৰু পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত গাওঁখনৰ প্ৰতিজনকে সজাগ কৰো তেতিয়া নিজে নিজে প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা হৈ পৰিব। প্লাষ্টিক ব্যৱহাৰৰ ফলত হোৱা বিভিন্ন ৰোগ ,প্ৰদূষণ বৃদ্ধি ,মাটিৰ গুণাগুণ নষ্ট হোৱা, নদী সমূহৰ পানী প্ৰদূষিত হোৱা আদি বিভিন্ন প্ৰসংগ তেওঁ নিজ বক্তব্যত উল্লেখ কৰে। খাটনিয়াৰে নিজে বিগত ছয়বছৰে পলিথিন ব্যৱহাৰ কৰা নাই বুলিও জানিবলৈ দিয়ে। প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে তেওঁ নিজেই চলাই থকা অভিযানৰ প্ৰসংগ উল্লেখ কৰি এম্বেচাদৰ খাটনিয়াৰে প্ৰতিজন ব্যক্তিকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। বিগত আঠ বছৰত তেওঁৰ উদ্যোগত প্ৰায় ৩০ হাজাৰ গছপুলি ৰোপন আৰু সংৰক্ষণৰ কথাও সভাখনত তেওঁ ব্যক্ত কৰে। উক্ত সভাতে খাটনিয়াৰে প্ৰদৰ্শনৰ বাবে লগত লৈ অহা কাগজৰ পেকেট,তামোলৰ ধকুনাৰ পৰা নিৰ্মিত ভাত খোৱা থাল,চামুচ আদি উপস্থিত ৰাইজক দেখুৱাই আৰু এইবোৰৰ উৎপাদনৰ লগতো জড়িত হৈ যে একো একোজন নিবনুৱা যুৱক-যুৱতী কেনেকৈ স্বাৱলম্বী হ’ব পাৰে তাকো বাখ্যা কৰে ৷
উক্ত সভাত উপস্থিত থকা মুক্তিযোদ্ধা কৃষ্ণ লহকৰে পলিথিন ব্যৱহাৰৰ ফলত আমাৰ অঞ্চল সমূহত যথেষ্ট প্ৰদূষণ হোৱা বুলি কয় আৰু এই ক্ষেত্ৰত ৰঙিয়া পৌৰসভাই মূখ্য ভূমিকা লব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। উক্ত সভাত উপস্থিত থকা কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসে নিজ বক্তব্যত কয় যে পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত সচেনতা আনিবলৈ ৰঙিয়া চহৰত প্ৰশাসনে বাটৰ নাট আদিকে ধৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণৰ কৰা উচিত। এই ক্ষেত্ৰত পৌৰসভা আৰু চেম্বাৰ অফ কমাৰ্চক লগত লৈ আগবাঢ়িলে প্ৰদূষণ মুক্ত ৰঙিয়া গঢ়াৰ উদ্যশ্য সফল হব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। জ্যোষ্ঠ অধিবক্তা চৰিফুদ্দিত আহমেদ, প্ৰভাতী কিৰণৰ সম্পাদক মৃদুল শৰ্মা,ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য,উপ পৌৰপাতি ফজনুৰ হক,সাংবাদিক তাপস সমাদ্দাৰ,শিক্ষক দিপক কলিতা,গৰিয়া যুৱ ছাত্ৰৰ মতিউৰ ৰহমান,এবছুৰ ৰূপম বড়ো আদি উপস্থিত থাকি সকলোৱে পলিথিন আৰু প্লাষ্টিক ব্যৱহাৰৰ ফলত হোৱা ক্ষতি আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে বিভিন্ন পৰামৰ্শসূচক বক্তব্য আগবঢ়ায়। উক্ত সভাতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্র বৰদলৈয়ে চৰকাৰী কাৰ্য্যলয় সমূহত আজিৰ পৰা পলিথিন ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে স্কুল,কলেজ সমূহৰ লগতে ৰঙিয়া নগৰত প্লাষ্টিক মুক্ত কৰাৰ বাবে সজাগতা সৃষ্টিৰ কৰাৰ ক্ষেত্ৰত প্ৰশানৰ ফালৰ পৰা কাৰ্য্যসূচী লোৱা হ’ব বুলিও ঘোষণা কৰে।
- Log in to post comments
- 144 views