প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘অভিশাপ’ দিয়ে অন্ধ্ৰপ্ৰদেশৰ টি ডি পি সাংসদ জয়দেৱ গল্লাই৷ অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰি সাসংদ গল্লা কয়, কেন্দ্ৰীয় চৰকাৰে যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেন্তে অন্ধ্ৰপ্ৰদেশত বিজেপি শেষ হৈ যাব৷ গল্লাই কয়-এয়া ‘হুমকি’ নহয়, অভিশাপ৷
তেলেগু দেশম পাৰ্টিৰ পৰা সাংসদ কাশিনেনি শ্ৰীনিবাসনে বক্তব্য আৰম্ভ কৰাৰ কথা আছিল যদিও চন্দ্ৰবাবু নাইডুৱে গল্লাক আৰম্ভণি বক্তব্য দিবলৈ নিৰ্দেশ দিয়ে৷ টি ডি পিৰ বাবে সময় আছিল মাত্ৰ ১৩ মিনিট৷ ১৩ মিনিট বক্তব্য উত্থাপন কৰি সাংসদ জয়দেৱ গল্লাই আৰু আধা ঘণ্টা সময় বিচাৰে৷ অধ্যক্ষ সুমিত্ৰা মহাজনে অনুমোন জনায়৷
অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান নকৰাক লৈ সাংসদ গল্লাই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে৷ গল্লাৰ অভিযোগ-অন্ধ্ৰ প্ৰদেশক বাৰে বাৰে বঞ্চনা কৰি অহা হৈছে৷ কংগ্ৰেছ আৰু বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই৷ মোডী চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণক বিশ্বাসঘাটকতা কৰিছে৷ বক্তব্যৰ লগে লগে টি ডি পিৰ সাংসদ গৰাকীয়ে তথ্য উত্থাপন কৰি যায়৷ অন্ধ্ৰ প্ৰদেশক দুভাগ কৰি তেলেঙ্গানা গঠন কৰাৰ পিছত অৰ্থনৈতিকভাৱে অন্ধ্ৰৰ বহু ক্ষতি হ’ল৷ এই ক্ষতি পূৰণৰ বাবে মোডী চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷ ফলত ঋণৰ বোজা ৰাজ্যখনত বৃদ্ধি পালে৷ ২০১৬চনৰ ছেপ্টম্বৰ মাহৰ পৰা এই দাবী উত্থাপন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই৷ বিত্ত মন্ত্ৰীয়ে বিশেষ পেকেজ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷
- Log in to post comments
- 16 views
