নাৰায়ণপুৰৰ যুৱকৰ অভিনৱ প্ৰতিবাদ ৷ নাম ৰূপক শইকীয়া ৷ অসমৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীৰে বাংগালুৰুৰ পৰা অসমলৈ চাইকেল যাত্ৰা ৰূপকৰ ৷
বৃহস্পতিবাৰে পুৱা ৭ বজাত যুৱকজনে বাংগালুৰুৰ এছ এছ চি এছ বি অসমীয়া নামঘৰৰ পৰা আৰম্ভ কৰিছে যাত্রা । অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা, অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ ৭০ শতাংশ থলুৱা লোকৰ কোম্পানীত নিযুক্তি দিয়াকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ শ্লোগানেৰে আগবাঢ়িব যুৱকজন ।
তিনি হাজাৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি অসম সোমাব যুৱকজনে । প্ৰতিদিনে ১৬০ কিলোমিটাৰ বাট অতিক্ৰম কৰিব যুৱকজনে । অসমত আহি যুৱকজনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰথম সাক্ষাৎ কৰিহে নাৰায়ণপুৰলৈ যাত্ৰা কৰিব ৷
বাংগালুৰুস্থিত এটা কোম্পানীত কৰ্মৰত যুৱকজন নাৰায়ণপুৰৰ ভোলাবৰী নিবাসী পুতু শইকীয়া আৰু সৰুমাই শইকীয়াৰ একমাত্র পুত্ৰ । যুৱকজনৰ এই যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰিছে নাৰায়ণপুৰবাসী ।
- Log in to post comments
- 111 views