লোকসভা নিৰ্বাচনলৈ এটা বছৰৰো কম সময় বাকী থকা অৱস্থাত বিজেপিত আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক নিত্য নতুন সমীকৰণ। বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰমতে বৰ্তমানৰ প্ৰায় ৪০%ৰ পৰা ৫০% সাংসদ এইবাৰ টিকটৰ পৰা বঞ্চিত হব। সূত্ৰটোৰ মতে অসমৰ ৭জন সাংসদৰ ভিতৰত দুইৰ পৰা তিনিজন সাংসদে এইবাৰ টিকট হেৰুওৱাতো প্ৰায় নিশ্চিত। তেজপুৰ,মংগলদৈ আৰু গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী সলনি হোৱাটো একপ্ৰকাৰ খাটাং।
এই কুচকাৱাজৰ অংশ হিচাপেই তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ বিৰোধিতা কৰি আৰ এছ এছ-ক কেইবাখনো জিলাই পত্ৰও দিছে । আৰু শেহতীয়াভাৱে এ পি এছ চি কেলেংকাৰিত তেওঁৰ জীয়ৰীৰ নামটো সাঙোৰ খাই পৰাৰ পাছত সাংসদগৰাকীয়ে নিজেই কৈছে যে এয়া তেওঁক টিকটৰ পৰা বঞ্চিত কৰাৰ এক চক্ৰান্ত। আনহাতে গুৱাহাটীৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱতীৰ বয়সৰ বাবে তেওঁৰ ঠাইত নতুন প্ৰাৰ্থীৰ সন্ধান চলিছে৷ আনপিনে মংগলদৈ লোকসভা সমষ্টিত বিজেপিৰ ৰমেন ডেকা ২য় বাৰলৈ সাংসদ হিচাবে কাৰ্যকাল চলাই আছে যদিও কিন্তু তেওঁৰ কামকাজক লৈ দলৰ কৰ্মীৰ লগতে সাধাৰণ ৰাইজো মুঠেই সন্তুষ্ট নহয়।
২০১৪ বৰ্ষৰ নিৰ্বাচনৰ আগে আগে তেতিয়াৰ সাংসদ ৰমেন ডেকাক মংগলদৈ সমষ্টিত টিকট প্ৰদান কৰোতে দলটোৰ শীৰ্ষ নেতৃত্ব যথেষ্ট বিৰোধিতাৰ সন্মুখীন হৈছিল৷ মূৰকত আৰ এছ এছ-ৰ হস্তক্ষেপত তেওঁ টিকট লাভ কৰাৰ লগতে সেইবাৰা মোডী ঢৌত তেওঁ জিকিবলৈও সক্ষম হ’ল। কিন্তু ২০১৯ৰ পৰিবেশ সম্পূৰ্ণ সুকীয়া। সমষ্টিটোত সাংসদগৰাকীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰবল প্ৰতিষ্ঠানবিৰোধী ঢৌ। ইয়াৰ লগতে দলৰ ভিতৰতো তেওঁক টিকটৰ পৰা বঞ্চিত কৰিবলৈ শক্তিশালী ৰূপত মুৰ দাঙি উঠিছে এক লবী। জানিব পৰা মতে বিজেপিৰ এক আভ্যন্তৰীণ সমীক্ষা অনুসৰি সাংসদ ৰমেন ডেকাৰ এইবাৰ বিজয়ৰ সম্ভৱনা যথেষ্ট কম। সেয়েহে দলেও এই সমষ্টিত নতুন প্ৰাৰ্থীৰ সন্ধান আৰম্ভ কৰি দিছে। এই ক্ষেত্ৰত চৰ্চালৈ আহিছে ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক দিলীপ শইকীয়া আৰু জয়ন্তমল্ল বৰুৱাৰ নাম । ইয়াৰে দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু জয়ন্তমল্ল প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ একান্ত অনুগত ।
ইতিমধ্যে ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মুকলিকৈ জনাইছে যে কেন্দ্ৰীয় নেতৃত্বক তেওঁ এইবাৰ মংগলদৈৰ পৰা টিকট বিচাৰিব। ১৯৯৬ চনত দলত যোগদান কৰি ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰা শইকীয়া এজন শক্তিশালী দাবীদাৰ। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ লগত বিধায়কহৈ থাকোতে কংগ্ৰেছ ত্যাগ কৰি ২০১৬ ত টিকট লাভৰ পৰা বঞ্চিত হৈ থকা জয়ন্তমল্ল বৰুৱাক অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে সাংসদ বনাই তেওঁৰ ৰাজনৈতিক লবী আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা চলাব । নলবাৰী, ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, ,মংগলদৈ, দলগাঁও, কলাইগাঁও, পানেৰী, ওদালগুৰি,মাজবাট এই ১০টা বিধান সভা সমষ্টিৰে মংগলদৈ লোকসভা সমষ্টি গঠিত।
বৰ্তমানে বিজেপিৰ ৪টা , কংগ্ৰেছৰ এটা ,অগপ-ৰ এটা আৰু বিপিএফৰ দখলত ৪টা সমষ্টি আছে। উল্লেখ্য যে বৰ্তমানে বিজেপিয়ে আঞ্চলিক দল অগপ আৰু বিপিএফৰ লগত মিত্ৰতাৰে অসমত চৰকাৰ চলাই আছে। সেইসূত্ৰে ২০১৯ত চনতো যদি দুয়োটা দলৰ লগত মিত্ৰতা থাকে তেন্তে স্বাভাৱিকতে মিত্ৰদলৰ স্থিতি কি হয় সেয়া লক্ষণীয় হব ! ইফালে মিত্ৰদল বিপিএফ এ মংগলদৈ লোকসভাত নিজা প্ৰাৰ্থী দিব বুলি হংকাৰ দিছে। দলৰ ফালৰ পৰা মংগলদৈ লোকসভাত বিজেপিৰ ৪খন জিলা সমিতি পৰে৷ নলবাৰী, কামৰূপ গ্ৰাম্য, দৰং আৰু ওদালগুৰি। ইয়াৰ ২ খন জিলা সমিতিয়ে ইতিমধ্যে দিলীপ শইকীয়াৰ পক্ষত থিয় দিয়া বুলি জানিব পৰা গৈছে । ৪গৰাকী বিজেপি বিধায়ক আৰু এগৰাকী অগপ বিধায়কৰ ৩গৰাকী ৰমেন ডেকাৰ বিপক্ষত অৱস্থান কৰা বুলি জানিব পৰা গৈছে।
ইফালে অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক ভাল নহয় ৰমেন ডেকাৰ। ইমানৰ পিছত যে বৰ্তমানৰ বিজেপি ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত থকা ৰমেন ডেকাৰ টিকট লাভ নিষ্কণ্টক নহয় সেয়া নিশ্চিত। ৰাষ্ট্ৰীয় নেতৃত্বক তেওঁ কেনেকৈ সৈমান কৰিব সেয়া সময়ত লক্ষণীয় হ’ব। আনফালে এইবাৰ নিৰ্বাচনত এজন স্থানীয় প্ৰাথীক টিকট দিব লাগে বুলিও দলৰ ভিতৰৰ পৰা বুবু-বাবা চলিছে।
- Log in to post comments
- 217 views
