দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে জাৰ্মানীত হিটলাৰে গঢ়ি তোলা সশস্ত্ৰ ফেছিষ্ট এছ এছ বাহিনী গঢ়ি তোলাৰ দৰেই কে্ন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে এক বাহিনী গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা এক পৰিকল্পনাক কেন্দ্ৰ কৰি দেশৰ বিভিন্ন মহলত আতংক বিয়পি পৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, দেশৰ যুৱ সম্প্ৰদায়ৰ মাজত ‘জাতীয়তাবোধ, শৃংখলা আৰু আত্মমৰ্যাদা’ জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰ ১০ লাখকৈ যুৱক-যুৱতীক ‘সামৰিক প্ৰশিক্ষণ’ দিয়াৰ পৰিকল্পনা কৰিছে মোডী চৰকাৰে৷ এই পৰিকল্পনাৰ নাম ‘নেচনেল ইয়ুথ এম্পাৱাৰমেণ্ট স্কিম’ চমুকৈ ‘এন ইয়েছ’৷
এই আঁচনিত সামৰিক প্ৰশিক্ষণৰ উপৰি ‘তথ্য প্ৰযুক্তি, ভাৰতীয় মূল্যবোধ, যোগ, আয়ুৰ্বেদ আৰু প্ৰাচীন ভাৰতীয় দৰ্শন’ সম্পৰ্কেও শিক্ষা দিয়া হ’ব৷ দেশৰ বিভিন্ন প্ৰান্তত আৰ এছ এছৰ কৰ্মী আৰু তথাকথিত গো-ৰক্ষকসকলৰ যধে-মধে নিৰীহ আৰু প্ৰগতিশীল মানুহৰ ওপৰত ধাৰাবাহিক আক্ৰমণক লৈ ইতিমধ্যে সমগ্ৰ দেশ আৰু বিদেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি তথাকথিত গো-ৰক্ষক বাহিনীৰ তদন্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়েও শেহতীয়াভাৱে কঠোৰ সকীয়নি দিবলগীয়া হৈছে৷ তেনে পৰিস্থিতিত চৰকাৰী টকা ব্যয় কৰি এই ‘এ্ন ইয়েছ’ বাহিনী গঢ়ি তোলাৰ ফলাফল অধিক ভয়ংকৰ হ’ব বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰিছে৷ বিভিন্ন মহলৰ আশংকা যুৱক-যুৱতীসকলক ‘জাতীয়তাবোধ, শৃংখলা, আত্মমৰ্যাদা, ভাৰতীয় মূল্যবোধ, প্ৰাচীন ভাৰতীয় দৰ্শন’ শিক্ষা দিয়াৰ নামত চৰকাৰী টকাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ভাবাদৰ্শৰে এই বাহিনী গঢ়ি তোলা হ’ব৷ আৰু সামৰিক প্ৰশিক্ষণ লাভ কৰাৰ পিছত এই বাহিনীয়ে নিশ্চিতভাৱেই ‘দেশপ্ৰেম’ৰ নাম লৈ যিকোনো বিৰুদ্ধ মতামতৰ মানুহৰ ওপৰত তাণ্ডৱ চলাব পাৰে৷
মোডী চৰকাৰে পৰিকল্পনা কৰিছে, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এই প্ৰশিক্ষণ দি ‘এন ইয়েছ’ বাহিনী গঢ়ি তোলা হ’ব৷ ১২মাহ ধৰি প্ৰশিক্ষণ দিয়া হ’ব আৰু প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থীসকলক বৃত্তিও প্ৰদান কৰা হ’ব৷ কেৱল সেয়াই নহয়, ভৱিষ্যতে সেনাবাহিনী আৰু আৰক্ষীৰ চাকৰিত ‘এন ইয়েছ’ৰ প্ৰশিক্ষণৰ প্ৰমাণ-পত্ৰ বাধ্যতামূলক কৰাৰো পৰিকল্পনা কৰিছে মোডী চৰকাৰে৷ অৰ্থাৎ সমাগত দিনত সমগ্ৰ দেশজুৰি সেনাবাহিনী আৰু আৰক্ষীকো আৰ এছ এছৰ মতাদৰ্শৰে দীক্ষিত কৰাৰ পৰিকল্পনা মোডী চৰকাৰৰ, য’ত অন্য মতাদৰ্শৰ বা বিৰুদ্ধ মতামতৰ কোনো ঠাই নাথাকিব৷
প্ৰাপ্ত বাতৰি মতে, যোৱা জুন মাহৰ অন্তিম সপ্তাহত প্ৰতিৰক্ষা, যুৱ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে এই পৰিকল্পনাক লৈ এখন বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত অধিকাংশ বিষয়াই এই পৰিকল্পনাৰ বিৰোধিতা কৰি বৰ্তমানৰ এন চি চিকে শক্তিশালী কৰাৰ প্ৰস্তাৱ দিছে৷ কিন্তু মোডী চৰকাৰে ‘এ্ন ইয়েছ’ বাহিনী গঢ়ি তোলাৰ পৰিকল্পনাৰ পৰা আঁতৰি যোৱা নাই৷ ওলোটাই এন চি চি, এন এছ এছ আৰু দক্ষ উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ধাৰ্য ধন ‘এন ইয়েছ’ বাহিনী গঠনত ব্যয় কৰাৰ প্ৰস্তাৱ দিছে৷
- Log in to post comments
- 109 views
