ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ব্যক্তিসকলে পশ্চিমবংগত আশ্ৰয় ল’বগৈ পাৰে! এই আশংকা ব্যক্ত কৰি তৎপৰ হৈ পৰিছে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী। অসমৰ পৰা হ’ব পৰা এনে প্ৰব্ৰজন ৰুধিবলৈ ৩খন জিলাৰ প্ৰশাসনলৈ তেওঁ নিৰ্দেশ জাৰি কৰিছে। চুবুৰীয়া ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীৰ পৰা বিশেষ সতৰ্কবাণী পোৱা জিলাকেইখন হ’ল কোচবিহাৰ, জলপাইগুৰি আৰু আলিপুৰদুৱাৰ। মুখ্য মন্ত্ৰীগৰাকীয়ে আনকি খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে অসমৰ পৰা যোৱা কোনো ‘প্ৰব্ৰজনকাৰী’ক দেখিলেই বিষয়াসকলে তৎক্ষণাৎ বিষয়টো আৰক্ষী আৰু জিলা দণ্ডাধীশৰ দৃষ্টিগোচৰ কৰে। উল্লেখ্য, অসমত চলি থকা প্ৰক্ৰিয়াৰ আধাৰত এন আৰ চিৰ চূড়ান্ত খচৰাখন অহা ৩০ জুলাইত প্ৰকাশ হ’ব। মমতা বেনাৰ্জীৰ আশংকা- এন আৰ চিৰ পৰা বাদ পৰা বঙালী লোকসকলক অসম চৰকাৰে চুবুৰীয়া পশ্চিমবংগলৈ পঠাই দিব পাৰে। সেয়ে অলপতে এখন জৰুৰী বৈঠকৰ আয়োজন কৰে পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ সীমান্তৰে সংলগ্ন তিনিওখন জিলাৰ আৰক্ষী অধীক্ষকসকলক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰাপ্ত আন এক তথ্য অনুসৰি অসমৰ এন আৰ চি কৰ্তৃপক্ষই লক্ষাধিক নথি-পত্ৰ পৰীক্ষা কৰাৰ বাবে পশ্চিমবংগ চৰকাৰলৈ পঠিয়াইছিল। কিন্তু ইয়াৰে মাত্ৰ ৫৮৫২খনৰহে পৰীক্ষা সম্পূৰ্ণ কৰিছে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে।
- Log in to post comments
- 26 views
