চতুৰ্থ বৰ্গৰ চাকৰি ঠিকাভিত্তিক কৰাৰ প্ৰতিবাদত ৰঙিয়াত হিমন্ত বিশ্বৰ প্ৰতিকৃতি দাহ

চতুৰ্থ বৰ্গৰ চাকৰি বন্ধ কৰাৰ প্ৰতিবাদত ৰঙিয়াত হিমন্ত বিশ্বৰ প্ৰতিকৃতি দাহ

ৰাজ্য চৰকাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্থায়ী পদসমূহ ঠিকাভিত্তিককৰণৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিবাদত গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ শতাধিক কৰ্মীয়ে ৰঙিয়া হাইৱে' চ'কত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ ঠিকাভিত্তিককৰণ কৰা নচলিব, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

চৰকাৰে যদি ঠিকাভিত্তিককৰণৰ সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰে তেনেহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও প্ৰতিবাদকাৰীসকলে হংকাৰ দিয়ে ।

Your Comments