ৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত জিণ্টু আলী

ৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত জিণ্টু আলী

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছমাহ পূৰ্বে সংঘটিত আই টি চিৰ চিগাৰেটভৰ্তি ট্ৰাক ডকাইতি কাণ্ডৰ সৈতে জড়িত মূল নায়কজনক আজি ৰঙিয়া আৰক্ষীয়ে কৌশলেৰে আটক কৰিবলৈ সক্ষম হয় ৷ 

ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি উত্তৰ গুৱাহাটীৰ এই ডকাইতজনক ৰঙিয়া ৰে'ল ষ্টেচন এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ৰঙিয়া থানাৰ আলহী হোৱা এই ডকাইতজনৰ নাম জিন্টু আলী (২৬) ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ছমাহ পূৰ্বে এই জিন্টু আলীয়ে আন দহজন সহযোগীৰে লগ লাগি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰখাই থোৱা এখন চিগাৰেটভৰ্তি ট্ৰাকৰ পৰা চিগাৰেটৰ সকলো কাৰ্টন লুট কৰি নিয়ে ।

তেওঁলোকে লুট কৰা চিগাৰেটসমূহ আন এখন ট্ৰাকত ভৰাই মিৰ্জালৈ লৈ যায় । পাছত তেওঁলোকে মিৰ্জা বজাৰ চ'কৰ প্ৰমিলা পাণ ভাণ্ডাৰৰ স্বত্ত্বাধিকাৰী পাণৰ পাইকাৰী বিক্ৰেতা মণি কলিতাৰ ওচৰত বিক্ৰী কৰে ৷

ডকাইতৰ দলটোৱে লুট কৰা চিগাৰেটখিনিৰে সৈতে ট্ৰাকখন বহুদিনলৈকে মিৰ্জাৰ ব্যৱসায়ীজনৰ ঘৰৰ চৌহদৰ সুৰক্ষিত স্থানত লুকুৱাই ৰাখিছিল বুলি জিন্টু আলীয়ে স্বীকাৰোক্তি দিয়ে ৷

লুট কৰা চিগাৰেটখিনিৰ মূল্য প্ৰায় ১ কৌটি টকা আছিল বুলি জানিব পৰা গৈছে ৷ মিৰ্জাৰ ব্যৱসায়ী কলিতাই ৫০ লাখ টকাৰ বিনিময়ত চিগাৰেটখিনি ক্ৰয় কৰিছিল বুলি জনা গৈছে ।

অৱশ্যে এই ঘটনাৰ লগত জড়িত কে'বাজনো এতিয়াও পলাতক বুলি জনা গৈছে । সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে চাংসাৰী থানাত গতাই দিছে ধৃত জিণ্টু আলীক ।

Your Comments