গুৱাহাটীঃ আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ নেতা কিশোৰ হাজৰিকাসহ শতাধিক যুৱকে। লক্ষণীয়ভাৱে আজি দলটোত যোগদান কৰা আন যুৱককেইজনৰ বহুকেইজন অন্যান্য দল তথ্য জাতীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া আছিল। অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। এই যোগদান সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কয়- “কিশোৰ হাজৰিকাৰ যোগদানে নলবাৰী জিলাত অগপৰ সাংগঠনিক স্থিতি বৃদ্ধিত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব। আজি আমাৰ দললৈ কলা-সংস্কৃতি তথা ক্ৰীড়া ক্ষেত্ৰৰ কেইবাজনো যুৱকৰ আগমন ঘটিছে- এয়া শুভ লক্ষণ।” অনাগত দিনত অগপলৈ বহু নতুন যুৱক-যুৱতীৰ আগমন ঘটিব বুলিও বৰাই আশা ব্যক্ত কৰে।
- Log in to post comments
- 34 views
