ৰঙিয়াৰ বৰদলত ৰাইজে খেদি খেদি ধৰিলে ৰঞ্জন দৈমাৰী গোটৰ আলোচনাপন্থী দুই এনডিএফবিৰ সদস্যক । অঞ্চলটোত নিৰ্মাণ হৈ থকা এটা পথ নিৰ্মাণ কৰি থকা ঠিকাদাৰক বিচাৰি আহিছিল এই দুই সদস্যই । কোকৰাঝাৰৰ লনী ব্ৰহ্ম আৰু শোণিতপুৰৰ গেৰিমচা বসুমতাৰীক ধৰিলে ৰাইজে । ৰাইজে উল্লেখ কৰা মতে এখন ডেগাৰ আৰু পিষ্টল লৈ পথ নিৰ্মাণ কৰি থকা ঠিকাদাৰক বিচাৰি পালচাৰ বাইকত আহিছিল এই দুই সদস্যই ।
ৰাইজে সন্দেহ কৰাত এজনে দৌৰি পলোৱাৰ চেষ্টা কৰে আৰু আনজনে বাইক লৈ উধাও হয় । দৌৰি পলোৱাজনক ৰাইজে খেদি খেদি ধৰে আৰু আনজন দূৰ্ঘটনাত পতিত হৈ পথৰ ওপৰতে বাগৰি পৰে । ৰাইজে দুয়োজনক কৰায়ত্ত কৰে যদিও পিষ্টল আৰু ডেগাৰ ধাননিত পেলাই দিয়ে । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৰদলত । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই সদস্যক নিজৰ জিম্মাত লৈ পথাৰত দলিয়াই দিয়া অস্ত্ৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
- Log in to post comments
- 36 views