বন বিভাগৰ চত্ৰছায়াত নাৰায়ণপুৰৰ ট্ৰামজুলিত শিল-বালিৰ অবৈধ বেহা  

sa

লখিমপুৰত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে গোপন মিতিৰালীত চলিছে অবৈধ শিল-বালিৰ খনন । লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ট্ৰামজুলিত সুদীৰ্ঘ দিন ধৰি কাষৰীয়া খৰস্ৰোতা নদী দোৰপাং কুৱেৰীৰ গইনা লৈ এচাম অসাধু চক্ৰই বন বিভাগৰ লগত গোপন মিতিৰালি কৰি অবৈধভাৱে চলাই আহিছে খনন কাৰ্য । স্থানীয় ৰাইজৰ হেঁচাত পৰি মাজে মাজে উক্ত কাৰ্য বন্ধ কৰে যদিও বুজন পৰিমাণৰ ধনৰ বিনিময়ত পুনৰ শিল-বালিৰ খনন কাৰ্য চলাই যায় দুষ্ট চক্ৰই ।

শেহতীয়াকৈ যোৱা এমাহ পূৰ্বে বন বিভাগে এই খনন কাৰ্য বন্ধ কৰিছিল যদিও পুনৰ অব্যাহত আছে অবৈধ খনন । ফলস্বৰূপে এটা সময়ত বিভিন্ন প্ৰজাতিৰ পাহাৰীয়া মাছ, কাছ, চৰাই-চিৰিকতিৰ বৈচিত্ৰৰে পৰিপূৰ্ণ জুলিটো নি:শেষ হোৱাৰ উপক্ৰম ঘটিছে । প্ৰতিবছৰে সম্পূৰ্ণ অবৈধভাবে বৃহৎ পৰিমাণৰ শিল-বালিৰ খনন কাৰ্য চলোৱাৰ ফলত জুলিটো দ' হৈ পৰাত কাষৰীয়া অঞ্চলসমুহত থকা কুঁৱা-দমকলসমূহ শুকাই যোৱাত ৰাইজে পানীৰ অভাৱত নদীৰ বুকু খান্দি পানী সেৱন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

ইয়াৰ উপৰি কাষতে থকা চাহ বাগান অথবা খেতিপথাৰসমুহো শুকাই যোৱাত কৃষক সমাজে পানীৰ অভাৱত হাঁহাকাৰ কৰিবলগীয়া হৈছে । ইফালে জুলিটোৰ বুকু খননৰ ফলত ইয়াত স্থাপন কৰা আনন্দ জুলি জলসিঞ্চন আঁচনিখনৰ দেৱালখনো বিগত সময়ত ভাঙি পৰে । যাৰ পৰিণতিত আঁচনিখনো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । আজি পৰ্যন্ত উক্ত আঁচনিখন কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । এনেবোৰ কাৰণতে স্থানীয় ৰাইজে উক্ত জুলিটোত খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই স্থানীয় বংশীগোপাল গোশালা মন্দিৰ প্ৰাঙ্গণত এখন বিশাল প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

সমাজকৰ্মী ৰাজেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত শতাধিক ৰাইজে জুলিটোত অবৈধভাৱে চলাই থকা খননকাৰ্য বন্ধ কৰাৰ পোষকতা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰে । অন্যথা স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদত পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ক্ষেত্ৰত কিবা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে ।

Your Comments