গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী ওৱেগনাৰৰ খুন্দাত বাহৰুল ইছলাম হাইস্কুলৰ ছাত্ৰী মনিমা বেগম, ৰুণায়া আচমা বেগম নামৰ ছাত্ৰী দুইগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱাৰ লগতে ওৱেগনাৰত থকা প্লাৱিতা দাস নামৰ ছোৱালী গৰাকীও আঘাত প্ৰাপ্ত হয় । আটাইকেইগৰাকী আঘাত প্ৰাপ্ত ব্যক্তিক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে তীব্ৰ গতিত গৈ থকা ওৱেগনাৰখনে স্কুল ছুটীৰ পিছত ঘৰলৈ গৈ থকা ছাত্ৰী দুগৰাকীক পিছফালৰ পৰা খুন্দা মৰাত যথেষ্ট আঘাত প্ৰাপ্ত হয় । স্থানীয় ৰাইজে ততাতৈয়াকৈ আঘাত প্ৰাপ্ত আটাইকেইগৰাকীক চিকিৎসালত ভৰ্তি কৰায় আৰু চিকিৎসকে বৰ্তমান আটাইকেই গৰাকী বিপদমুক্ত বুলি জানিৱলৈ দিয়ে ।
- Log in to post comments
- 73 views