মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত পুনৰ সংঘটিত হ'ল আন এক কৰুণ ঘটনা । নৌকাৰে নাৰায়ণপুৰলৈ আহি থকা অৱস্থাতে দুই সন্তান জন্ম দিয়ে এগৰাকী প্ৰসূতিয়ে ।
মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীৰ শিকলি চাপৰিৰ এগৰাকী প্ৰসূতিয়ে বৃহস্পতিবাৰে বিয়লি মহাবাহু ব্ৰহ্মপুত্ৰৰে এখন নাও ভাড়া কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ আহি থকা অবস্থাত নদীৰ মাজতে প্ৰসৱ কৰে দুটি সন্তান ৷
দুৰ্ভগীয়া মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তান আৰু এটি কন্যা সন্তান জন্ম দিয়ে ৷ মহিলাগৰাকী মাজুলী সমষ্টিৰ ঐতিহাসিক আঁহতগুৰি মৌজাৰ শিকলি চাপৰিৰ মাজৰ চাপৰি গাঁৱৰ নাৰায়ণ শইকীয়াৰ পত্নী অঞ্জু শইকীয়া বুলি জানিব পৰা গৈছে ।
পৰৱৰ্তী সময়ত নদীৰ মাজতে সন্তান জন্ম দিয়া প্ৰসূতিগৰাকীক সন্তান দুটিসহ জামুগুৰি পাৰঘাটৰ পৰা ১০৮ এম্বুলেন্সেৰে ধলপুৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান প্ৰসূতিগৰাকীসহ পুত্ৰ সন্তানটি সুস্থ যদিও কন্যা সন্তানটি সম্পূৰ্ণ সুস্থ নহয় বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে কেবা সহস্ৰাধিক লোকে বসবাস কৰা উক্ত দুৰ্গম অঞ্চলটোৰ ৰাইজে এখন ১০৮ নৌকা বিচাৰি বিগত সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আবেদন দিছিল যদিও আজিকোপতি কোনো পদক্ষেপ গহণ নকৰিলে খোদ মুখ্য মন্ত্ৰীগৰাকীয়ে ।
বৰ্তমান চিকিৎসালয়ৰ বিছনাত সন্তান দুটিসহ যন্ত্ৰণাত চটফটাই আছে মহিলাগৰাকী । উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগত আমূল পৰিৱৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালি মাৰি অহাৰ সময়তে খোদ মুখ্য মন্ত্ৰীগৰাকীৰ সমষ্টিতে স্বাস্থ্য সেৱাৰ পয়ালগা অৱস্থাই ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ।
এতিয়া প্ৰশ্ন হয়, দুৰ্গম অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা মুখ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কিবা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব নে নকৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷
- Log in to post comments
- 5 views