পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ দিনত গুৰমৌ-ৰঙিয়া সংযোগী পুঠিমাৰী নদীৰ ওপৰত এখন দলং বিচাৰি সাতখনকৈ গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত কাকূতি-মিনতি কৰিবলগীয়া হৈছে ।
নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে বৰ্তমান সময়ত সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰাত গঞা ৰাইজে একেমুখে ধিক্কাৰ দিছে পৰিৱৰ্তনকামী চৰকাৰখনক ।
ৰঙিয়া-গোৰেশ্বৰ-গুৰমৌ সংযোগী পুঠিমাৰী নদীৰ ওপৰত সাতখনকৈ গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহেৰে দলং নিৰ্মাণ কৰিবলগীয়া হৈছে । স্থানীয় ৰাইজে অভিযোগ দিয়া অনুসৰি, এই পথটোৰে দৈনিক অহা-যোৱা কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰিয়াল, ব্যৱসায়ীৰ লগতে সাতখনকৈ গাঁৱৰ ৰাইজ দলংখন নথকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ।
কেইবাবাৰো জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক অৱগত কৰাৰ পিছতো মন্ত্ৰীগৰাকীয়ে কোনো পদক্ষেপ নোলোৱাত সাতখনকৈ গাঁৱৰ ৰাইজে চৰকাৰখনৰ প্ৰতি আস্থা হেৰুওৱা বুলি জানিবলৈ দিয়ে ।
দলংখন নোহোৱা পৰ্যন্ত অঞ্চলবাসী ৰাইজে প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনক আহি থকা নিৰ্বাচনত এসেকা দিয়াৰো হুঙ্কাৰ দিয়ে ৷
- Log in to post comments
- 33 views