১১ জুলাইত ব্যক্তিগত টুইটাৰ একাউণ্টত নৰেন্দ্ৰ মোডীৰ অনুৰাগী আছিল ৪ কোটি ৩৩ লাখ ৭০ হাজাৰজন। ১৩ জুলাইত মোডীৰ অনুৰাগীৰ সংখ্যা হ’ল ৪ কোটি ৩১ লাখ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ একাউণ্টতো ১ লাখ অনুৰাগী হ্ৰাস পাইছে। ছ’চিয়েল মিডিয়াক অগ্ৰাধিকাৰ দি অহা মোডীৰ অনুৰাগী দুটা দিনতে ৩ লাখ হ্ৰাস পোৱা অৱস্থাই বিজেপিৰ ৰাজনৈতিক মহলত চিন্তনীয় বিষয় হৈ পৰিছে। সন্মুখত লোকসভা নিৰ্বাচন। এই মুহূৰ্তত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাটো বিজেপিৰ বাবে অতি ক্ষতিকাৰক হ’ব।
- Log in to post comments
- 23 views
