নাৰায়ণপুৰৰ অসম কন্যা পম্পী দেউৰীক বিপুল আদৰণি দেউৰী ছাত্ৰ সন্থা-দেউৰী স্বায়ত্ত পৰিষদৰ 

ss

শ্ৰীনগৰৰ শ্বেৰ-আই-ইনডৰ ষ্টেডিয়ামত ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা চতুৰ্থ পেনচাক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা পম্পী দেউৰীক আজি সদৌ দেউৰী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে গৃহভূমি নাৰায়ণপুৰত বিপুল আদৰণি জনায় ৷ গৃহাভিমুখে ৰাওনা হোৱা পম্পীক দেউৰী ছাত্ৰ সন্থাৰ নেতৃত্বত অনেক শুভাকাংখিয়ে হাৱাজানৰ পৰা নাৰায়ণপুৰলৈ প্ৰায় এঘাৰ কিলোমিটাৰ পথ বিশাল সমদলেৰে আদৰি আনে ।

কোটি কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা যুব শ্বুটাৰ হৃদয় হাজৰিকাৰ পিছত অন্য এগৰাকী নাৰায়ণপুৰীয়া সন্তান পম্পী দেউৰীয়ে পুনৰবাৰ এছিয়া ভিত্তিত উজ্বলাই তুলিলে অসম তথা ভাৰতৰ নাম । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কুণ্ডিল নগৰৰ বৈদ্যনাথ দেউৰী আৰু প্ৰয়াত অমৃতপ্ৰভা দেউৰীৰ কন্যা পম্পী দেউৰীয়ে বুধবাৰে অনুষ্ঠিত হোৱা চিলেট পেনচাক চেমি ফাইনেলৰ ৫০-৫৫ কেজি শাখাত অংশগ্ৰহণ কৰি চিংগাপুৰৰ বিনটে জুলকিফ্লি হাতত পৰাজিত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

gg

উল্লেখ্য যে, পম্পীয়ে ২০১৫ চনত জুনিয়ৰ পেনচাক চিলেট ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত নেশ্যনেল চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৬ চনত বিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনচাক চেম্পিয়নশ্বিপত ৰূপৰ পদক, ২০১৭ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত দ্বিতীয় জুনিয়ৰ পেনচাক ফেডাৰেশ্যন কাপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত হোৱা নেচেনেল বিচ পেনচাক চিলেট চেম্পিয়নশ্বিপ ২০১৮ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে পম্পী দেউৰীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত খেলাৰ সুযোগ পোৱাৰ পিছতো ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ অনুমতি নোপোৱা বাবে থমকি ৰ’বলগীয়া হোৱাৰ ঘটনাই পৰিয়ালৰ লগতে নাৰায়ণপুৰৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যদিও আজি পম্পীৰ এই সফলতাত দেশৰ লগতে জন্মস্থান নাৰায়ণপুৰবাসীও উৎফুল্লিত । দেউৰী স্বায়ত্ব পৰিষদৰ তৰফৰ পৰাও বিপুল আদৰণি জনোৱা হয় পম্পীক । এক মোতা অংকৰ ধন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীয়ে ।

Your Comments