মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণকাৰ্য স্থগিত, মুখ্যমন্ত্ৰীক স্হিতি স্পষ্ট কৰাৰ দাবী

aa

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীৰ শ্ৰীৰাম দেৱোত্তৰত নিৰ্মীয়মান ১০ কোটি ৫০ লাখ প্ৰকল্পৰ ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ আসোঁৱাহপূৰ্ণ নিৰ্মাণকাৰ্যৰ বাবে কাম বন্ধ ৰাখিবলৈ ঠিকাদাৰ পক্ষলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এম, অসমে নিৰ্দেশ জাৰি কৰাৰ পিছত যোৱা দুমাহ ধৰি আঁচনি বন্ধ হৈ আছে । উল্লেখ্য যে, চলিত বৰ্ষৰ যোৱা ৩ জুলাইত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী ভ্ৰমণ লৈ আহি বিভিন্ন দল সংগঠন তথা ৰাইজৰ অভিযোগৰ ভিত্তিত নিৰ্মিয়মান মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ অন্তত এক তদন্ত ঘোষণা কৰে ।

মাজুলী জিলা প্ৰশাসনৰ অধীনত গড়কাপ্তানী বিভাগৰ অভিযন্তাক লৈ গঠিত এটা দলৰ উপৰি এন এইচ এম, অসমে নিজৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনীয়াৰ (চিভিল), ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনীয়াৰ (ইলেক্ট্ৰিকেলছ) আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনীয়াৰক লৈ গঠন কৰি দিয়া কাৰিকৰী বিশেষজ্ঞৰ দলৰ পৰীক্ষণত চিকিৎসালয়খনৰ নিৰ্মীয়মান গৃহৰ অৰ্দ্ধ পৰ্যায়লৈ ইতিমধ্যে ঠিকাদাৰপক্ষই সম্পূৰ্ণ কৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ আসোৱাহপূৰ্ণ হোৱাটো নিশ্চিত হোৱাৰ পাছতে এন এইচ এম, অসমৰ পৰিচালন সঞ্চালক জে ভি এন সুব্ৰমণিয়ম যোৱা ২৪ জুলাই ২০১৮ত জাৰি কৰা নিৰ্দেশৰ জৰিয়তে মাজুলী আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ আদেশ দিয়ে ।

এন এইচ এম, অসমৰ পৰিচালন সঞ্চালকৰ একেটা নিৰ্দেশতে চিকিৎসালয়গৃহৰ এতিয়ালৈকে আসোঁৱাহপূৰ্ণভাৱে কৰা আধাৰ পৰ্যন্ত নিৰ্মাণ কাৰ্যৰ সমুদায় অংশ ততালিকে ভাঙি এই আঁচনিৰ প্ৰাকলন, আৰ্হি-চিত্ৰ আৰু নিৰ্দিষ্ট কাৰিকৰী মান সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি নতুনকৈ নিৰ্মাণ কৰি উলিওয়াবলৈও ঠিকাদাৰ পক্ষক আদেশ দিয়া হৈছে।

এই নতুন নিৰ্মাণ কাৰ্যৰ ব্যয় ঠিকাদাৰ পক্ষই নিজে বহন কৰিব লাগিব । তদুপৰি চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰ পক্ষই ভৱিষ্যতে নিজ খুচি মতে পুনৰ আঁচনিৰ প্ৰাকলন আৰু আৰ্হি-চিত্ৰ উলংঘা কৰি নিৰ্মাণকাৰ্য আগবঢ়ালে  ঠিকাদাৰ পক্ষৰ বিৰুদ্ধে আইনগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও এন এইচ এম, অসমৰ পৰিচালন সঞ্চালক সুব্ৰমণিয়ামে নিৰ্দেশটোত সকিয়াই দিয়ে । এই নিৰ্দেশনাৰ ভিত্তিত ঠিকাদাৰী পক্ষই যোৱা দুই মাহ ধৰি কাম বন্ধ কৰি ৰখাৰ মাজুলী 
আয়ুৰ্বেদিক প্ৰকল্পৰ ভৱিষ্যতক লৈ ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে ।

বিষয় সন্দৰ্ভত টি এম পি কে মাজুলী জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি  বিভিন্ন দল সংগঠনে কাইলৈ মাজুলী ভ্ৰমণ লৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে স্হিতি স্পষ্ট কৰাৰ দাবী জনাইছে । দল-সংগঠনসমূহে কয় যিকোনো ত্যাগৰ বিনিময়ত মাজুলী আয়ুৰ্বেদিক বহু চৰ্চিত প্ৰকল্পৰ কাম শ্ৰীঘ্ৰে পুনৰ আৰম্ভ কৰিব লাগে ।

Your Comments