মিচিং জনগোষ্ঠীৰ ছাত্র-ছাত্রীক অপমান : মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষক অপসাৰণৰ দাবী 

z

“বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নাৰায়ণপুৰস্থিত উচ্চ শিক্ষানুষ্ঠান মাধৱদেৱ মহাবিদ্যালয় অধ্যক্ষ ডঃ শৰৎ হাজৰিকাই মিচিং জনগোষ্ঠীয় ছাত্র-ছাত্রীসকলক অপমান কৰিছে ৷ এই অপবাদক আমি কেতিয়াও সহজে ল'ব নোৱাৰো ৷ তেওঁ এজন সাম্প্ৰদায়িক লোক ৷” এই মন্তব্য টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পেগুৰ ৷

বিহপুৰীয়া-নাৰায়ণপুৰ কেন্দ্ৰীয় মিচিং কাংকিন কৌবাং আৰু বিহপুৰীয়া-নাৰায়ণপুৰ টি এম পি কে গোটৰ উদ্যোগত যোৱা ৩০ ছেপ্টেম্বৰত নাৰায়ণপুৰ ব্লক তিনিআলিৰ দেউৰী পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত ৩৮ সংখ্যক কাংকিন সমাৰোহখনি মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ নিদিয়াত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ওপৰত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি আজি নাৰায়ণপুৰৰ আগম ভৱনত এক সংবাদ মেল সম্বোধন কৰি উপ-সভাপতিগৰাকীয়ে আৰু কয় যে প্ৰায় তিনি শতাধিকৰো অধিক মিচিং জনগোষ্ঠীয় ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয়খনি অধ্যক্ষগৰাকীৰ পৈতৃক সম্পত্তি নহয় ৷

বিগত ৩৭ বছৰে বিহপুৰীয়া-নাৰায়ণপুৰ এলেকাধীন ১৬খন শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰি থকা মিচিং ছাত্র-ছাত্রীসকলৰ বিভিন্ন প্ৰতিভা বিকাশৰ লগতে সাহিত্যিক-বুদ্ধিজীৱী আৰু সংস্কৃতিবানসকলৰ উপস্থিতিৰে আড়ম্বৰপূৰ্ণভাৱে মহাবিদ্যালয়খনিত কাংকিন সমাৰোহ উদযাপন কৰি অহা হৈছে ৷ অথচ এইবাৰ উক্ত মহাবিদ্যালয়ত সমাৰোহখনি অনুষ্ঠিত কৰিবলৈ টি এম পি কেৰ ফালৰ পৰা চাৰিবাৰকৈ অনুমতি বিচৰাৰ পাছতো স্বজন তোষণ নীতি গ্ৰহণ কৰি অধ্যক্ষগৰাকীয়ে মিচিং ছাত্র-ছাত্রীসকলৰ আবেগ-অনুভূতিক অপমান কৰিলে ৷

ইয়াৰ ফল অধ্যক্ষগৰাকীয়ে ভোগ কৰিব লাগিব ৷ টি এম পি কেৰ বিহপুৰীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলখনিত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পেগুৱে আৰু কয়- “সমাৰোহখনিলৈ অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ লগতে জনগোষ্ঠীয় ছাত্র নেতাসকলৰ লগতে শিক্ষাবিদসকলকো নিমন্ত্ৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত নিমন্ত্ৰিত অতিথিসকলে সমাৰোহখনিত অংশগ্ৰহণ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল ৷ অধ্যক্ষ হাজৰিকাই নাৰায়ণপুৰ বিহপুৰীয়া এলেকাধীন শিক্ষানুষ্ঠানসমূহৰ হাজাৰোধিক মিচিং ছাত্ৰ-ছাত্রীৰ লগতে এইসকল বৰেণ্য ব্যক্তিকো মহাবিদ্যালয়খনিত প্ৰবেশত বাধা প্ৰদান কৰিলে ৷

যাৰবাবে আমি অত্যন্ত লজ্জা অনুভৱ কৰিছো ৷ সমাৰোহখনি অনুষ্ঠিত হৈ যোৱাৰ পাছত স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেক্ষাগৃহৰ লগতে মহাবিদ্যালয়খনিৰ চৌহদ পৰিষ্কাৰ কৰাৰ দ্বায়িত্ব লোৱা হৈছিল যদিও অধ্যক্ষগৰাকীয়ে নিজৰ স্থিতিত অটল থাকিল ৷” ব্যক্তিস্বাৰ্থ পৰিহাৰ কৰি উক্ত ঘটনাৰ বাবে টি এম পি কেৰ ওচৰত ১৫ দিনৰ ভিতৰত ক্ষমা নুখুজিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে আজি সংবাদমেলত ৷ ইফালে উক্ত ঘটনাৰ ন্যায় বিচাৰাৰ লগতে মহাবিদ্যালয়খনৰ পৰা অধ্যক্ষগৰাকীক অপসাৰণ কৰিবলৈ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্রীলৈও স্মাৰক পত্র প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আজি সংবাদমেলত টি.এম.পি.কেৰ  কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পেগু, টি এম পি কেৰ বিহপুৰীয়া জিলা সমিতিৰ সভাপতি সত্য কুম্বাং, সম্পাদক পূৰ্ণ লাগাচু, উপ-সভাপতি বিষ্ণু দলে, বিহপুৰীয়া জিলা সমিতিৰ এম এম কেৰ সভাপতি প্ৰবিত্র কুলি,  সম্পাদক জিতেন দলেকে প্ৰমুখ্যে কৰি যথেষ্টসংখ্যক ছাত্র-ছাত্রী আৰু অভিভাৱক উপস্থিত থাকে ৷

Your Comments