সমন্বয় ক্ষেত্ৰৰ পৰা জমিৰউদ্দিন তালুকদাৰ
মানুহক এডাল সূতাৰে বান্ধি ৰখাৰ নাম কবিতা ৷ কবিতাই মানুহক এক কৰে ৷ কবিতাৰ উদ্দেশ্য মহৎ আৰু তেনে কবিতাৰে বিশ্ব জয় কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, নজৰুল ইছলাম, হীৰেণ ভট্টাচাৰ্যই ৷ এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ ৷ চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিল ৷ নীলবাগান ক্ৰীড়া সন্থাৰ খেলপথাৰ সমন্বয় ক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ অধিৱেশনৰ আজি এক আৱেগিক পৰিৱেশত সামৰণি পৰে ৷
সামৰণি অনুষ্ঠানৰ মুকলি সভা ‘কাব্য চিন্তা’ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, প্ৰভাত বৰা, সাংবাদিক-নিৱন্ধকাৰ জমশ্বেৰ আলীসহ কে’বাগৰাকী বিশিষ্ট কাব্য সমালোচকৰ উপস্থিতিত জীপাল হৈ উঠে কবিতাৰ মেহফিল ৷ কবি সন্মিলনৰ মুকলি মঞ্চত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানক এখনি সম্বৰ্ধনা পত্ৰৰে কবিতাৰ মঞ্চত উষ্ম আদৰণি জনোৱা হয় ৷
সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰা উপস্থিত থাকে ৷ অধ্যাপক মান্নানে নিজৰ ভাষণত কবিতাৰ জৰিয়তে কেনেকৈ সমাজ বিপ্লৱ ঘটিছিল তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷
কবিতাৰ জৰিয়তে সমাজ পৰিৱৰ্তন সম্ভৱ বুলিও অধ্যাপকগৰাকীয়ে নিজৰ ভাষণত কয় ৷ কাব্য চিন্তা অনুষ্ঠানত অসমৰ কবিতাৰ আকাশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে আনন্দ চন্দ্ৰ দত্তক কবিপ্ৰাণ, ৰাম গোস্বামীক কাব্যৰত্ন আৰু ভৱেন বৰুৱাক কাব্যঋষি উপাধি প্ৰদান কৰা হয় ৷ দিনৰ এক বজাত সদৌ অসম কবি সন্মিলনৰ অসমৰ বিভিন্ন জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদকৰ সন্মিলন অনুষ্ঠিত কৰা হয় ৷ নীলকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিখন জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু শাখা কবি সন্মিলনৰ সভাপতি, সম্পাদকসকলক একোখনকৈ মানপত্ৰৰে সন্মান জনোৱা হয় ৷
গ্ৰন্থমেলাত অভূতপূৰ্ব ভিৰঃ
সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ বিপণীসমূহত গ্ৰন্থপ্ৰেমীৰ সঁহাৰি সন্তোষজনক বুলি মন্তব্য কৰে বিপণীসমূহৰ পৰিচালকসকলে ৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰকাশন গোষ্ঠীৰ বিপণীসমূহত অগণন লোকে ভিৰ কৰে ৷ যুৱ প্ৰজন্মৰ বহু পঢ়ুৱৈয়ে নিজৰ প্ৰিয় গ্ৰন্থ ক্ৰয় কৰা দৃশ্য আছিল গ্ৰন্থৰ জগতৰ বাবে এক আশাৰ বাৰ্তা ৷
- Log in to post comments
- 25 views