ৰাজনীতি-ধৰ্মনীতি-অৰ্থনীতি আৰু সমাজনীতি এই সকলোৰে উদ্ধত প্ৰকৃতি ৷ গছপুলি ৰোপণ কৰিলেই নহ'ব তাক প্ৰতিপালনো কৰিব লাগিব ৷ প্ৰতি বছৰে বন মহোৎসৱত বিভিন্ন গছপুলি ৰোপণ কৰা হয় যদিও এটা গছপুলিও বাছি নাথাকে ৷ প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহত পৰিবেশশিক্ষা সম্পৰ্কীয় বিষয় সংলগ্ন কৰি কণ কণ ছাত্র-ছাত্রীসকলৰ মনত গছপুলি ৰোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেহে প্ৰকৃতি জীয়াই থাকিব ৷
অসমত এনে অকনমান অলাগতিয়াল ঠাই নাই য'ত নেকি এজোপা ঔষধি গছৰ এডাল মূল নাথাকে ৷ এই বক্তব্য অৰণ্য মানৱ প্ৰদ্মশ্ৰী যাদৱ পায়েঙৰ ৷ আজি বিহপুৰীয়া নাৰায়ণপুৰ কেন্দ্ৰীয় মিচিং কাংকিন কৌবাং আৰু বিহপুৰীয়া নাৰায়ণপুৰ কলেজসমূহৰ টি.এম.পি.কে.গোটৰ উদ্যোগত নাৰায়ণপুৰ ব্লক তিনিআলিৰ দেউৰী পুথিভঁড়ালত অনুষ্ঠিত ৩৮ সংখ্যাক কাংকিন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যাদৱ পায়েঙে লগতে কয় যে - ৰোমান লিপি লোৱা কাৰণেই মিচিং ভাষাই আজিও ভাষা হিচাপে স্বীকৃতি পোৱা নাই ৷
ভাষা থাকিলেহে জাতি থাকিব ৷ মিচিং ভাষাৰ স্বীকৃতিৰ কাৰণে মই ৰাষ্ট্ৰসংঘৰ লগত যোগাযোগ কৰিম ৷ এটা সমবেত সংগীতৰে আৰম্ভ হোৱা সমাৰোহখনি অনিৰুদ্ধদেৱ বাঁহগড়া উ: মা: বিদ্যালয়ৰ অধ্যক্ষ দেৱৰঞ্জন কামানৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷ টি.এম.পি.কেৰ বিহপুৰীয়া জিলা সমিতিৰ সম্পাদক পূৰ্ণ লাগাচুৱে আঁত ধৰা সভাখনি অৱসৰপ্ৰাপ্ত শিক্ষক কমল দলে শুভ উদ্বোধন কৰে ৷
বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্র-ছাত্রীসকলে পৰিৱেশন কৰা মিচিং গীত-নৃতৰে মুখৰিত কৰি তোলা সমাৰোহখনিত টি.এম.পি.কে. কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পেগু, সাংস্কৃতিক সম্পাদক ৰাজেন কুলিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য যোগানন্দ দলে,অৱসৰপ্ৰাপ্ত শিক্ষক ভানু দলে,সদৌ দেউৰী ছাত্র সন্থাৰ সভাপতি প্ৰবীন দেউৰী,টি.এম.পি.কে. কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য কিৰণ দলেকে প্ৰমুখ্যে কৰি কেইবাগৰাকী বক্তাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷
সভাৰ পূৰ্বে অবনৰি প্ৰাচীৰ পত্রিকা উন্মোচন কৰে পূব ডিক্ৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক কমল মিলিয়ে আৰু স্মৃতিগ্ৰন্থ 'ৰুৱাদ-৩' শুভ উন্মোচন কৰে মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তুলেশ্বৰ পেগুয়ে ৷ সেইদৰে পুৱা মৰিডিক্ৰং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ: শিক্ষক দেৱেন টায়ুঙে বৃক্ষৰোপণ কৰাৰ পাছতে টি.এম.পি.কে. বিহপুৰীয়া জিলা সমিতিৰ সভাপতি সত্য কুম্বাঙে পতাকা উত্তোলন আৰু টি.এম.পি.কে. মাজুলী জিলা সমিতিৰ সভাপতি উমা পাঠৰীয়ে শ্বহীদ তৰ্পণ কৰে ৷ ইয়াৰ পাছতে পূৰ্ণ লাগাচুৰ সঞ্চালনাত বিহপুৰীয়া-নাৰায়ণপুৰ কলেজ সমূহৰ ন-পুৰণি মিচিং ছাত্র-ছাত্রীসকলৰ মাজত এক অন্তৰঙ্গ আলাপ-অনুষ্ঠান অনুষ্ঠিত হয় ৷
- Log in to post comments
- 35 views