থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

ৰে'ল বিভাগত থলুৱাক নিযুক্তিৰ লগতে অন্যান্য সা-সুবিধাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক বঞ্চিত কৰাৰ প্ৰতিবাদত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যাগত ৰঙিয়া ৰে'ল সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । 

ভাৰত চৰকাৰৰ ৰে'ল বিভাগত উত্তৰ-পূব সীমান্ত ৰে'লৱে'ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক বাৰে বাৰে বঞ্চনা কৰি অহাত ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ৰে'ল বিভাগৰ বঞ্চনাৰ প্ৰতিবাদ কৰে ।

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৰে'ল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ১০০ শতাংশ থলুৱাক নিযুক্তি দিয়া, বিহাৰৰ কাটিহাৰ আৰু পশ্চিমবংগক বাদ দি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক লৈ সুকীয়া ৰে'ল নিয়োগ মণ্ডল গঠন কৰা, দ্বৈত ৰে'লপথ শীঘ্ৰে নিৰ্মাণ কৰা, উত্তৰ অসমৰ জনসাধাৰণৰ স্বাৰ্থত ৰঙিয়াত

১২৪২৩/২৪ ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা, ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত চি কে ১২ আৰু চি কে ১৪ ৰে'ল গে'টত ফ্লাই অ'ভাৰ নিৰ্মাণ কৰা, ৰে'ল বিভাগৰ ঠিকা-ঠুকলিত থলুৱা যুৱক-যুৱতীক অগ্ৰাধিকাৰ দিয়াৰ দাবীত পাঁচ শহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী


প্ৰতিবাদস্থলীৰ পৰা ৰে'ল বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, 'বাৰে বাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী বঞ্চনা কৰাটো সহ্য কৰা নহ'ব ।

ৰে'ল বিভাগত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক ৰে'ল বিভাগে মাহীআইৰ দৃষ্টিৰে চাই আহিছে । আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰে'ল বিভাগক সকীয়াই দিব বিচাৰিছোঁ যে বাৰে বাৰে বঞ্চনা কৰি থাকিলে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ।'

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয়, 'কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ নীৰৱ ভূমিকাৰ বাবে আমাৰ শিক্ষিত যুৱক-যুৱতীসকল বঞ্চিত হ'বলগীয়া হৈছে । ৰে'ল মন্ত্ৰীগৰাকী যদি শক্তিশালী হ'লহেঁতেন তেন্তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিব নোৱাৰিলেহেঁতেন ।

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰে'ল বিভাগক সকীয়াই দিছোঁ, আৰু বঞ্চনা কৰা আমি সহ্য নকৰোঁ ।' প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, নিৰোদ কুমাৰ দাস, সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাসসহ সহস্ৰাধিক ছাত্ৰকৰ্মী । 

থলুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত ৰঙিয়া ৰে'ল সংমণ্ডলত আছুৰ বিক্ষোভ কাৰ্যসূচী

প্ৰতিবাদী কাৰ্যসূচীৰ পিছত ৰঙিয়া ৰে'ল সংমণ্ডলৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

Your Comments