নিউজ ডেস্ক:
আজি দেশজুৰি উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷
১) গহপুৰ, ঢেকীয়াজুলিৰ ৮০ শতাংশ বড়ো লোক থকা মুঠ ৪৩খন গাঁও অন্তৰ্ভুক্ত হ’ব BTRত।
২)নিবনুৱা যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ৷
৩)আগন্তুক ২৫ বছৰত দেশৰ লগতে অসমেও শান্তি, প্ৰগতিৰ দিশত আগবঢ়িব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷
৪)ৰাজ্যখনৰ সামগ্ৰী উন্নয়নৰ বাবে বাল্য বিবাহ আৰু বাল্য বিবাহ কৰি সন্তান জন্ম দিবলৈ বাধ্য কৰা সকলৰ বাবে বিপদ বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷
- Log in to post comments
- 1 view