পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া হাইৱে' চ'কত পেট্ৰ'লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ৷
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক ছাত্ৰকৰ্মীয়ে পেট্ৰ'লিয়াম মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰখনে দিনক দিনে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণক হাৰাশাস্তি কৰি আহিছে ।
প্ৰতিদিনে ৰন্ধন গেছ, পেট্ৰ'লৰ লগতে অত্যাৱশকীয় খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । যদি চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব ।
প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক আদিল হাচান, তৌফিকুৰ ৰহমান, মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভৱজ্যোতি ডেকা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা জিতু ডেকা, নিউটন কলিতা, বুবুল আলী, সভাপতি আৰু সাধাৰণ সম্পাদক জয়ন্ত শৰ্মা, মৃণ্ময় ডেকাসহ ভালেসংখ্যক ছাত্ৰ নেতা উপস্থিত থাকে ।
- Log in to post comments
- 46 views