ৰাজ্য চৰকাৰখনে গুণ উৎসৱৰ জৰিয়তে শিক্ষা ব্যৱস্থা উন্নত কৰিব বিচাৰিছে যদিও চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি নিদিয়াৰ ফলত সৰ্বসাধাৰণ পৰিয়ালৰ ল'ৰা-ছোৱালীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
আজি বালিসত্ৰ ছাত্ৰ সন্থাই বালিসত্ৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে প্ৰয়োজনীয় শিক্ষক নিযুক্তিৰ দাবীত শিক্ষামন্ত্ৰীৰ সুমতি বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, 'পৰিৱৰ্তনৰ শ্লোগান গাই শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলিছে ।
গুণ উৎসৱৰ জৰিয়তে শৈক্ষিক ব্যৱস্থা উন্নত কৰিব বিচৰা চৰকাৰখনৰ দিনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিব নোৱাৰাটো দুৰ্ভাগ্যজনক । দৰিদ্ৰ ঘৰৰ ল'ৰা-ছোৱালীৰ শৈক্ষিক ভৱিষ্যৎ আৰম্ভ হয় চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ৷
কিন্তু প্ৰাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাৰ ফলত বহু দৰিদ্ৰ ঘৰৰ ল'ৰা-ছোৱালীয়ে আধাতে শিক্ষানুষ্ঠান এৰিবলগীয়া হৈছে । চৰকাৰে বৰ্তমান চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ ধ্বংস কৰি ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিব বিচাৰিছে ।
সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তি দিয়ক । এজন শিক্ষকেৰে এখন বিদ্যালয়ৰ শৈক্ষিক দিশটো কেতিয়াও উন্নত কৰা সম্ভৱ নহয় ।
এজনীয়া শিক্ষকেৰে চলি থকা বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দি শৈক্ষিক দিশটো উন্নত কৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ক । অন্যথা ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব ।'
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নিউটন কলিতা, সহঃসম্পাদক প্ৰাঞ্জল কলিতা, বালিসত্ৰ ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থপ্ৰতিম কলিতা, সাধাৰণ সম্পাদক দয়াল কৃষ্ণ কোঁৱৰসহ ভালেসংখ্যক ছাত্ৰ কৰ্মী ।
সকলোৱে শিক্ষা বিভাগ হায় হায়, শিক্ষক নিযুক্তি দিব নোৱাৰা শিক্ষামন্ত্ৰী হায় হায়, ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত অভিভাৱকসকলেও অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 24 views