শ্ৰদ্ধাৰ তিলোত্তমা বৰুৱালৈ তেখেতৰ পঞ্চম মৃত্যুবাৰ্ষিকীত একাজঁলি শ্ৰদ্ধাঞ্জলি

A

B

নিউজ ডেস্ক:

তিলোত্তমা বৰুৱাক "প্ৰয়াত" তিলোত্তমা বৰুৱা বুলি ভাবিবলৈ এতিয়াও যথেষ্ট কষ্ট  হয় ৷তেখেত আৰু নাই বুলি মানি লোৱাটোও এটা যথেষ্ট কষ্টকৰ অনুভৱ ৷বৰুৱাৰ  সংস্পৰ্শলৈ যিয়েই আহিছিল সকলোৰে বাবে তেওঁ যেন হৈ পৰিছিল এগৰাকী দেৱদূত ৷
আজি তেখেতৰ পঞ্চম মৃত্যু বাৰ্ষিকীত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কেইটামান শব্দ আগবঢ়ালোঁ যাতে তেখেতৰ পৰিয়ালৰ সদস্য তথা অনুৰাগী উভয়ৰে প্ৰতি গভীৰ মৰম আৰু কৃতজ্ঞতা প্ৰতিফলিত হয়।
   প্ৰয়াত শ্ৰীমতী বৰুৱা এগৰাকী শিক্ষাবিদ তথা শৈক্ষিক প্ৰশাসক হোৱাৰ লগতে জনসেৱাৰ পাঁচটা দশকত নিজৰ কৰ্ম দক্ষতাৰ জড়িয়তে চিন এৰি থৈ গৈছে। অসমৰ এটা সন্মানীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বৰুৱাই  শিলচৰ আৰু গুৱাহাটীত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ৷ পিছলৈ উচ্চ শিক্ষাৰ বাবে তেওঁ টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সলৈ যায় ৷  ইয়াৰ পিছতে কর্ম জীৱনৰ আৰম্ভণি বিদ্যালয় পৰিদৰ্শক হিচাপে কৰে। এইদৰেই পিছলৈ মাধ্যমিক শিক্ষা সঞ্চালকৰ পদত উপনীত হোৱাৰ লগতে বিভিন্ন স্তৰত শিক্ষা প্ৰশাসক হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতেই তেওঁ কো অপাৰেটিভ চিটি বেংকৰ উপসভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰাৰ লগতে তেওঁ বহু শিক্ষানুষ্ঠান আৰু কেইবাটাও শৈক্ষিক- সামাজিক সংগঠনৰ সৈতে তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল ৷ চৰকাৰী দায়িত্ব পালনৰ সময়ত তেওঁৰ দয়ালু,অথচ দৃঢ় মনোভাৱে জনসাধাৰণৰ মাজত  তেওঁৰ জনপ্ৰিয়তা বঢ়াই  তুলিছিল ৷
   তেওঁৰ সৰল প্ৰেমময় তথা মানৱদৰদী স্বভাৱটোৱে  শুভাকাংক্ষীসকলক সদায় অনুপ্ৰাণিত কৰি আহিছিল ৷ বৰুৱা  সদায় ইতিবাচক শক্তিৰে ভৰপূৰ এগৰাকী বিদূষিনী মহিলা আছিল ৷
আজি তেখেতৰ পঞ্চম মৃত্যু বাৰ্ষিকীত আমি তেখেতক অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি যাছিলোঁ।

সমূহ পৰিয়াল বৰ্গ

Your Comments