অৰোৰা ফাইন আৰ্টছৰ মহানুভৱতা::ঘগ্ৰাপাৰৰ চতমাত শতাধিক বানাক্ৰান্তক সাহায‍্য প্ৰদান

A

নিউজ ডেস্ক:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ চতমাত  বানাক্ৰান্তৰ মাজত আজি গুৱাহাটীৰ বামুণীমৈদামস্থিত  অৰোৰা ফাইন আৰ্টছৰ অংশীদাৰ আৰু  ছপাশালটোৰ কৰ্মচাৰীৰ  সৌজন্যত তথা চতমা নৱ-যুৱক সংঘ আৰু সাৰ্বজনীন বাসন্তী পূজা পৰিচালনা সমিতিৰ সহযোগত বান সাহায‍্য  বিতৰণ কৰা হয়।আজি দুপৰীয়া স্থানীয় বাসন্তী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সাহায্য বিতৰণ অনুষ্ঠানটিৰ  আঁত ধৰে চতমা বাসন্তী পূজা পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ শৰ্মাই।ইয়াৰ পিছতে গাঁৱৰ প্ৰায় শতাধিক দুখীয়া বানাক্ৰান্তৰ  মাজত অৰোৰা ফাইন আৰ্টছৰ অংশীদাৰ মুনিন মিশ্ৰ আৰু কৰ্মচাৰী ক্ৰমে উদ্ধৱ পাঠক,ধনজিৎ দাস,জ্যোতিৰ্ময় শৰ্মা, বুলু মিশ্ৰ,ফলদা পাঠকে বানাক্ৰান্তৰ মাজত  কিছু সাহায্য প্ৰদান কৰে।আজি উক্ত কাৰ্যসূচীত অৰোৰা ফাইন আৰ্টছৰ কৰ্মচাৰীসকলক সহযোগ কৰে চতমা নৱ-যুৱক সংঘৰ সভাপতি সত‍্যেন কুমাৰ শৰ্মা, সম্পাদক মৃগেন শৰ্মা,চতমা বাসন্তী পূজা পৰিচালনা সমিতিৰ সম্পাদক মুন শৰ্মাসহ অমৰেন্দ্ৰ শৰ্মা,ৰাজীৱ শৰ্মা, হীৰেন শৰ্মা, মানৱ শৰ্মা,মুনীন্দ্ৰ শৰ্মা, মুকুট শৰ্মা, প্ৰদীপ শৰ্মা, মিন্টু শৰ্মা,,কমল শৰ্মা আদিয়ে।প্ৰায় শতাধিক বানাক্ৰান্ত পৰিয়ালক আজি দলটোৱে চাউল,আলু,মিঠাতেল, দালি,চেনি,বিস্কুট,চাহপাত, নিমখ আদি নিত্য ব‍্যবহাৰ্য সামগ্ৰী সাহায‍্য হিচাপে আগবঢ়ায়।।ছপাশালটোৰ কৰ্মচাৰী বৃন্দৰ এনে মহানুভৱতাক ৰাইজে শলাগ কৰিছে।

Your Comments