জাগীৰোড সূতা মিলৰ আবাসীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ

A

নিউজ ডেস্ক:
জাগীৰোডৰ সূতা মিলৰ আবাসত থকা কৰ্মচাৰীক জোৰ জুলুমৰ গুৰুতৰ  অভিযোগ।স্থানীয় বিধায়ক পীযুষ  হাজৰিকাৰ পৰোক্ষ সহযোগত ভাৰতীয় যুৱ মঞ্চ লক্ষ্মী প্ৰসাদ জয়চোৱাল, বিনোদন প্ৰসাদ, বদন সাহাই জোৰ জুলুমেৰে নিৰ্মাণ কাৰ্য চলোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছে।মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত মিলটোৰ কৰ্মচাৰী সিদ্ধেশ্বৰ হাজৰিকাৰ পুত্ৰ বৈকুন্ঠ হাজৰিকাই অভিযোগ উত্থাপন কৰি কয় যে -১৯৬২চনত স্থাপন হোৱা সূতা মিলটো ২০০৭চনৰ পৰা  অসম চৰকাৰে কেবিনেট সিদ্ধান্ত মৰ্মে বন্ধ কৰি দিয়ে।তাৰ পৰৱৰ্তী সময়ত মিলটোৰ কৰ্মচাৰীৰ প্ৰাপ্য প্ৰসংগত বৰ্তমান বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীনহৈ আছে।ফলত একাংশ কৰ্মচাৰীয়ে বৰ্তমান মিলটোৰ কোৱাটাৰত আছে।কিন্তু শেহতীয়া ভাৱে ভাৰতীয় যুৱ মঞ্চই মিলটোৰ কোৱাটাৰৰ সন্মুখত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আবাসীসকল হাৰাশাস্তি কৰি অহা বুলি অভিযোগ কৰে।তেওঁ কয় যে মিলটোৰ প্ৰায় ১৩-১৪টা পৰিয়ালৰ আৱাস আছে বৰ্তমান প্ৰায় ৬- ৭টা পৰিয়াল বাস কৰি আছে।কিন্তু আৱাসীসকলক  উক্ত ঠাইৰ পৰা আঁতৰি যোৱাৰ বাবে  ভাৰতীয় যুৱ মঞ্চই ভাবুকি প্ৰদান কৰি আহিছে।।ইপিনে বন্ধ মিলৰ ৩৮৩ গৰাকীৰ কৰ্মচাৰীয়ে পাবলগীয়া পুঁজি নোপোৱাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰে।বৰ্তমানেও পুঁজি সংক্ৰান্তীয় গোচৰ  আদালতত চলি আছে।বহু কৰ্মচাৰীৰ ইতিমধ্যে পুঁজি নোপোৱাকৈয়ে মৃত্যু হৈছে।অসম চৰকাৰৰ লগতে স্থানীয় বিধায়কক বিষয়টো মীমাংসা কৰাৰ আহ্বান জনাই কয় যে আবাস বোৰত আমাক শান্তিৰে থাকিবলৈ দিয়ক নহলে যাবলৈ দিয়ক ৷

Your Comments