কিতাপৰ পাইৰেছী, পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মণ্টু ডেকা

A

নিউজ ডেস্ক: 
যি সময়ত ৰাজ্যত ছপা গ্ৰন্থৰ বিক্ৰী হ্ৰাস পাইছে তেনে সময়তে কিতাপৰ পাইৰেছীত নামিছে এক বৃহৎ চক্ৰ। ছপা গ্ৰন্থ পি ডি এফ আকাৰত উলিয়াই এই চক্ৰটোৱে লুটিছে লাখ লাখ টকা।এনে এটা ঘটনাৰ পম খেদি এজন পাইৰেছী কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী।উল্লেখ্য যে তিনিচুকীয়াৰ মণ্টু ডেকা নামৰ ব্যক্তিজনে পাইৰেছীৰ জৰিয়তে প্ৰায় ৫,০০০ বিভিন্ন অসমীয়া গ্ৰন্থ পি ডি এফ আকাৰত উলিয়ায়।বিশেষকৈ 'ডিজিটেল তিনিচুকীয়া' নামৰ এটা ৱেবচাইট খুলি মণ্টুৱে এই  আইন বিৰোধী কাম কৰে। য'ত  শেহতীয়াকৈ মণ্টুৰ এই কাৰ্য চকুত পৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ। সংস্থাই লগে লগে গোটেই প্ৰক্ৰিয়াটো চাই নিশ্চিত হয় যে অসমীয়া বিভিন্ন গ্ৰন্থ মণ্টুৱে পাইৰেছী কৰিছে।ইয়াৰ পাছতে সংস্থাই যোৱা ২৪জুনত মণ্টুৰ বিৰুদ্ধে গুৱাহাটী পাণবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।উক্ত এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ পৰাই মণ্টুক গ্ৰেপ্তাৰ কৰি লৈ আহে।বৰ্তমান পাণবজাৰ আৰক্ষীৰ জিম্মাত থকা মণ্টুৱে নিজে কৰা ভুলৰ কথা স্বীকাৰ কৰিছে।অৱশ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তেওঁক জেৰা অব্যাহত ৰাখিছে।
ইফালে মণ্টুক পাণবজাৰ আৰক্ষী থানালৈ অনাৰ পিছত  থানাত উপস্থিত হয়গৈ সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ নেতৃত্ববৰ্গ।সমগ্ৰ ঘটনা সন্দৰ্ভত সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে চি ডিৰ পাইৰেছীয়ে চি ডি ব্যৱসায়েই ধ্বংস কৰি পেলালে।এতিয়া গ্ৰন্থৰ পাইৰেছীয়ে অসমৰ গ্ৰন্থৰ ব্যৱসায় ধ্বংসৰ মুখলৈ নিব। কোভিড তথা তাৰ আগৰ কেইবা বছৰৰ পৰা ৰাজ্যৰ গ্ৰন্থৰ ব্যৱসায় অতি মন্দা হিচাপে চলি আহিছে।তেনে সময়তে গ্ৰন্থৰ পাইৰেছীয়ে সমগ্ৰ ব্যৱসায়টো আৰু ইয়াৰ লগত জড়িত লোকসকলৰ মূৰত মাধমাৰ শোধাব।অতি তৎপৰতাৰে পাইৰেছীত জড়িত মণ্টু ডেকাক গ্ৰেপ্তাৰ কৰাৰ বাবে পাণবজাৰ আৰক্ষীক ধন্যবাদ জনায় সংস্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে গ্ৰন্থ পাইৰেছীত জড়িত সমগ্ৰ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈও আৰক্ষীক দাবী জনায়।

Your Comments