বাণিজ্য শাখাত ষষ্ঠ স্থানত উজলিল গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ দীপক লুধাই

A

নিউজ ডেস্ক:

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থানত উজলিল গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ দীপক লুধাই। গুৱাহাটী কুমাৰপাৰা এফ এ ৰোডৰ শৰ্মিলা দেৱী লুধা আৰু  দৌলত ৰাম লুধাৰ পুত্ৰ দীপক।
উল্লেখ্য যে বাণিজ্য শাখাত শীৰ্ষ ষষ্ঠ স্থান প্ৰাপ্ত লুধাই ফলাফল লাভ কৰি কয়- “ইউনিত পৰীক্ষাৰ পাছত ভালকৈ পঢ়িছিলো।আজি ফলাফলত মই সুখী।”খাই-বনাই ভাল পোৱাৰ লগতে গান শুনি ভাল পাই মেধাৱী ছাত্ৰ গৰাকীয়ে।ইফালে কোভিডৰ সময়ত অসুবিধা হৈছিল যদিও অনলাইন ক্লাছ মিছ কৰা নাছিল দীপকে।ভৱিষ্যতে চি এ হোৱাৰ মন  থকা মেধাৱী ছাত্ৰগৰাকীয়ে বৰ্তমান কোচিং কৰি আছে।

Your Comments