
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ হাটীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।গুৱাহাটী পৌৰ নিগমৰ জাবৰ কঢ়িওৱা বাহনৰ খুন্দাত থিতাতে নিহত যুৱক।পুৱাৰ ভাগতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।মৃত যুৱকজনৰ নাম তীৰ্থ প্ৰতিম ডেকা।নাৰেংগীৰ যুৱকজনে গুৱাহাটীৰ এটা গাড়ী দিলাৰত কৰ্মৰত আছিল।প্ৰাপ্ত খবৰ অনুসৰি যুৱকজন KIA Motorsৰ চেলছত কৰ্মৰত আছিল।As-01DO4362 নম্বৰৰ স্কুতি বাহনখনত আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।জিএমচিৰ জাবৰ কঢ়িয়াই নিয়া বাহনখনে যুৱকজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায়।
আনহাতে, যুৱকজনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাক বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।মৰোণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়ে মৃতদেহ।ঘটনাৰ পিছতে স্থানীয় ৰাইজে আবদ্ধ কৰে হাটীগাঁও-ভেটাপাৰা পথ।
- Log in to post comments
- 6 views