কলা-বাণিজ্য-বিজ্ঞান শাখাত উত্তীৰ্ণ সৰ্বাধিক জিলা আৰু হাৰ পঢ়ি লওঁক

B

B

B

 

নিউজ ডেস্ক:

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৮শতাংশ।এইবাৰ কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৫৬১০৭ গৰাকী ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ণ হয় ১৩০৩২৪গৰাকী ছাত্ৰ ছাত্ৰী।ইফালে কলা শাখাত  সৰ্বাধিক জিলা হৈছে ধেমাজি।জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৪.৬৭ শতাংশ।মুঠ পৰীক্ষাৰ্থী আছিল ৫৩১৪গৰাকী।উত্তীৰ্ণ  হয় ৫০৩১ গৰাকী।
একেদৰে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯২.১৯ শতাংশ।মুঠ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল ৩৩৫৩৪ গৰাকী।উত্তীৰ্ণ হয় ৩০৯১৫ গৰাকী।বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণ হোৱা  জিলা হৈছে বাক্সা।জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৮.২৭শতাংশ।মুঠ পৰীক্ষাৰ্থী আছিল ৬৯৫গৰাকী, উত্তীৰ্ণ হয় ৬৮৩গৰাকী।
আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭.২৭শতাংশ।মুঠ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৫১৯৯ গৰাকী।তাৰে উত্তীৰ্ণ হয় ১৩২৬৪গৰাকী।ইয়াৰ উপৰিও বাণিজ্য শাখাত  সৰ্বাধিক  উত্তীৰ্ণ হোৱা জিলা হৈছে মাজুলী ৷জিলাখনত উত্তীৰ্ণৰ হাৰ ১০০শতাংশ বাণিজ্য শাখাত।মুঠ ছাত্ৰ-ছাত্ৰী আছিল বাণিজ্য শাখাত ২৮ গৰাকী।

Your Comments