
নিউজ ডেস্ক:
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কটনলৈ সু-নাম কঢ়িয়ালে ২গৰাকী মেধাৱীয়ে।ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানখনলৈ ৰাজ্যৰ ভিতৰতে কলা শাখাত অষ্টম স্থান দখল কৰি সু-নাম কঢ়িয়ালে অভিনন্দা হাজৰিকাই।মেধাৱী ছাত্ৰী গৰাকীয়ে লাভ কৰে সৰ্বমুঠ ৪৭৫নম্বৰ।আনহাতে বিজ্ঞান শাখাত শীৰ্ষ দশম স্থান লাভ কৰে বেদান্ত শৰ্মাই।ছাত্ৰ গৰাকীয়ে সৰ্বমুঠ ৪৭৫নম্বৰ লাভ কৰে।
ইফালে কটনত দুগৰাকীকৈ মেধাৱীয়ে শীৰ্ষ দহটা স্থানত উজলিল যদিও সোমবাৰৰ দিনটোত দেখা গ’ল এক নিমাও-মাও পৰিৱেশ।শিক্ষানুষ্ঠান খনত নাই আনন্দৰ কোনো জোৱাৰ।তাৎপৰ্যপূৰ্ণ কথা এই যে কটনৰ পৰা এইবাৰ পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ২৭৫গৰাকী ছাত্ৰ-ছাত্ৰী।প্ৰথম বিভাগত উত্তীৰ্ণ ২২৮গৰাকী, দ্বিতীয় বিভাগত ৩০ গৰাকী, তৃতীয় বিভাগত ২গৰাকী উত্তীৰ্ণ হয়।বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ।একেদৰে কলা শাখাত মুঠ ছাত্ৰ-ছাত্ৰী ১২১ গৰাকী।প্ৰথম বিভাগত ১০৯গৰাকী, দ্বিতীয় বিভাগত ৬গৰাকী আৰু তৃতীয় বিভাগত ২গৰাকী উত্তীৰ্ণ হয়।কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৬.৬৬শতাংশ।
- Log in to post comments
- 8 views