
নিউজ ডেস্ক:
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ শীৰ্ষ অষ্টম স্থানত উজলিল গুৱাহাটীৰ হাটীগাঁও লখিমীপথৰ অভিনন্দা হাজৰিকাই।মৈত্ৰী হাজৰিকা আৰু পিতৃ অজিত হাজৰিকাৰ কনিষ্ঠ কন্যা অভিনন্দা।সৰ্বমুঠ ৪৭৫নম্বৰেৰে ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিছে ছাত্ৰী গৰাকীয়ে।উল্লেখ্য যে দৈনিক ৭-৮ঘণ্টা অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে সাক্ষাৎকাৰত কয় যে,“ফলাফলক লৈ মই সুখী।মোৰ সুখৰ ক্ৰেডিট পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক দিব বিচাৰো।”
আগন্তুক দিনত প্ৰৱক্তা হোৱাৰ মন মেধাৱী ছাত্ৰী গৰাকীৰ।কটন বিশ্ব বিদ্যালয়তে পৰিসংখ্যা বিভাগত স্নাতক পৰ্যায়ত পুনৰ অধ্যয়ন কৰিব অভিনন্দাই।
- Log in to post comments
- 14 views