এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

A

নিউজ ডেস্ক:

অসম এথলেটিকচ সন্থাৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত  হোৱা এথলেটিকছৰ কাৰিকৰী বিষয়াসকলৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে।অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে উদ্বোধন কৰা এই কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ডেৰ শতাধিক এথলেটিকছৰ কাৰিকৰী বিষয়াই অংশগ্ৰহন কৰে।কৰ্মশালাখনিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি এথলেটিকচ ফেডাৰেচন অৱ ইণ্ডিয়াৰ কাৰিকৰী সমিতিৰ অধ্যক্ষ বি ষ্টেনলি জ’নচ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকচ কাৰিকৰী বিষয়া কলকাতাৰ সঞ্জয় ঘোষে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ কাৰিকৰী বিষয়া সকলে যাতে সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সেই উদ্দেশ্যৰে অনুষ্ঠিত এই কৰ্মশালাত দুয়োগৰাকী ব্যক্তিৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি  মন্তব্য প্ৰকাশ কৰে।

Your Comments