অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস

A

নিউজ ডেস্ক:

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন।ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনৰ অভিযান তীব্ৰতৰ হোৱাৰ পিছতো অবাধ গতিত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা এই কথা স্বীকাৰ কৰে  অসম আৰক্ষীয়ে।ড্ৰাগছৰ বিৰুদ্ধে বিগত বৰ্ষত ৩২৩২টা NDPS গোচৰ ৰুজু হৈছে আৰু ৫৪৮০টা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত।তাৰে ৫২জন তথ্য প্ৰমাণ আৰু সময়ত চাৰ্জশ্বীত দিব নোৱাৰা বাবে জামিন লাভ কৰিছে।আজি এই কথা স্বীকাৰ কৰে অসম আৰক্ষীয়ে।

ইফালে ৩৮৮খন বাহন ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত জব্দ কৰিছে আৰক্ষীয়ে।২লাখ ৭০হাজাৰ কফ চিৰাপ জব্দ কৰিছে আৰক্ষীয়ে।প্ৰায় ৩৯লাখতকৈ অধিক নিচাযুক্ত টেবলেট জব্দ কৰিছে আৰক্ষীয়ে।
গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস।অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা প্ৰমুখ্যে উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰমুখ্যে আৰক্ষী, চিআইডিৰ শীর্ষ বিষয়া।
তাৎপৰ্যপূৰ্ণ কথা এই যে,ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ বাবে শীঘ্ৰে অত্যাধুনিক বাহন স্কেনাৰ আনিব অসম আৰক্ষীয়ে।প্ৰথমে শ্ৰীৰামপুৰ গেটত স্থাপন হ'ব এই স্কেনাৰ মেচিন।ইয়াৰ লগতে দুটাকৈ ড্ৰাগছ নষ্ট কৰা যন্ত্ৰও আনিব অসম আৰক্ষীয়ে।উক্ত যন্ত্ৰ দুটা এটা সোনাপুৰ অসামৰিক হাস্পতালত আৰু এটা উজনি অসমত কৰা হ’ব স্থাপন।এই কথা জনাইছে  ভাস্কৰ জ্যোতি মহন্তই।
আনহাতে ৰাজ্যত ৪৪টা বেচৰকাৰী ৰিহেৱ চেন্টাৰ আৰু ১৯টা চৰকাৰী সাহাৰ্য প্ৰাপ্ত ৰিহেৱ চেন্টাৰ আছে।অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে,মহানগৰীৰ এখন সম্ভ্ৰান্ত শিক্ষানুষ্ঠান এতিয়া ড্ৰাগছৰ ঘাটি হৈ পৰিছে।ড্ৰাগছ মাফিয়াই টাৰ্গেট কৰিছে উক্ত স্কুলখন।ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰাৰ আশ্বাস দিয়ে  মন্ত্ৰী হাজৰিকাই।

Your Comments