
নিউজ ডেস্ক:
আনতকৈ পৃথক ৰাজ্যৰ এগৰাকী প্ৰশাসনিক বিষয়া; নাম কীৰ্থী জল্লী।কাছাৰৰ উপায়ুক্ত কীৰ্থী জল্লীৰ কামত এতিয়া গৰ্বিত শিলচৰবাসী।কেতিয়াবা যদি বোকা-পানী ফালি বানাক্ৰান্তৰ কাষলৈ গৈছে , কেতিয়াবা আকৌ ডাম্পাৰত উঠি খবৰ লবলৈ ওলাইছে বানাক্ৰান্তৰ।শীত- তাপ নিয়ন্ত্ৰিত কোঠা ত্যাগ কৰি জনতাৰ দুখ-দুদৰ্শাৰ খবৰ লবলৈ যোৱা উপায়ুক্ত জল্লীৰ পৰা শীত-তাপ নিয়ন্ত্ৰিত কোঠা এৰিব নোখোজা প্ৰশাসনিক বিষয়াসকলে শিক্ষা লোৱাৰ প্ৰয়োজন।IAS বিষয়া গৰাকীৰ দায়িত্ব- কৰ্তব্যই এতিয়া গর্বিত কৰিছে জনতাক।ভয়ংকৰ বানত সৰ্বশ্ৰান্ত শিলচৰ, যাতায়তৰ ব্যৱস্থা প্ৰায় বিচ্ছিন্ন ৷তেনে সময়ত বায়ুসেনা বিমানেৰে বানাক্ৰান্তক খাদ্য-সামগ্ৰী যোগান ধৰিব লগাৰ দৰে ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে।তাৰ মাজতে জিলাখনৰ দায়িত্বত থকা মুৰব্বী জল্লীয়ে ডাম্পাৰত উঠি বানাক্ৰান্তৰ কাষলৈ গৈছে।তাৎপৰ্যপূৰ্ণ কথা এই যে জিলাখনত বায়ুসেনাৰ হেলিকপ্টাৰ যাব নোৱাৰা অঞ্চলত পানী যোগান ধৰাৰ বাবে ইতিমধ্যে অনা হৈছে "দ্ৰোণ"।
- Log in to post comments
- 12 views