১৬টা ৱেবচাইটত প্রকাশ পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, পঢ়ক

A

 

B

 

নিউজ ডেস্ক:
সোমবাৰে ঘোষণা হ'ব বহু প্ৰত্যাশিত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।পুৱা ৯ বজাত ১৬ টাকৈ ৱেবচাইটত প্ৰকাশ পাব ফলাফল।ইয়াৰ লগতে পৰীক্ষাৰ্থীয়ে মোবাইল এ'প "উপলব্ধত" চাব পাৰিব ফলাফল।এই কথা জনাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
উল্লেখ্য যে এইবাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী ২লাখ ১৫হাজাৰ ২২গৰাকী।কলা শাখাত ১লাখ ৬৪হাজাৰ ২১৯গৰাকী, বিজ্ঞান শাখাত ৩৪হাজাৰ ৪০১গৰাকী, বাণিজ্য শাখাত ১৫হাজাৰ ৫৮১গৰাকী, ভকেছনেল শাখাত ৮২১গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।৭৯৬টা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।গুৰুত্বপূৰ্ণ কথা  এই যে,এইবাৰ কোভিডৰ বাবে বিকল্প প্ৰশ্নৰ সুবিধা ৰাখি পৰীক্ষা অনুষ্ঠিত কৰিছিল সংসদে।

Your Comments