
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ।ৰাজভৱনৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি মানৱ শৃংখলৰ কাৰ্যসূচী আপৰ।ৰাজ্যৰ শেহতীয়া বানপানী সমস্যাক লৈ মানৱ শৃংখল কাৰ্যসূচীৰ সূচনা আপৰ ৷ইফালে শান্তিপূৰ্ণ মানৱ শৃংখল কাৰ্যসূচীত আৰক্ষীৰ বাধা।প্ৰতিবাদী আপকর্মীক টানি-আঁজুৰি আটক কৰে আৰক্ষী।
ইফালে কাৰ্যসূচী ৰূপায়ণৰ বাবে অনুমতি নথকাৰ বাবে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীক,এই অভিযোগ আৰক্ষীৰ।আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ প্ৰচণ্ড হতাহতি। ৷প্ৰতিবাদকাৰী অভিযোগ মতে মহিলা আৰক্ষী অবিহনে অহা আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীক হাত দিছে।আৰক্ষী বিষয়া পল্লৱ তামুলীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উথ্থাপন কৰিছে ৷
হিমন্ত বিশ্ব শৰ্মা হায় হায়, অসম আৰক্ষী গৌ বেক, পল্লৱ তামুলী হুচিয়াৰ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।উল্লেখ্য যে বানপানী সমস্যাক লৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানৰ কথা আহিছিল প্ৰতিবাদকাৰীৰ।ইফালে আৰক্ষীয়ে আটক কৰি লতাশিল আৰক্ষী থানালৈ লৈ যায়।
আনহাতে প্ৰতিবাদকাৰীয়ে দিয়া অভিযোগ আৰক্ষী বিষয়া পল্লৱ তামুলীয়ে নস্যাৎ কৰি কয় যে- যদি প্ৰমাণ আছে দিয়ক।তেওঁলোকৰ ওপৰত আইনগত ভাৱেই ব্যৱস্থা লৈছোঁ।
- Log in to post comments
- 9 views