গুৱাহাটীৰ ৰেডিছন ব্লু'ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

A

 

Bনিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি মুর্দাবাদ, বিধায়ক কিনা-বেচা বন্ধ কৰক, হোটেল ৰাজনীতি বন্ধ কৰক শ্লোগানত উত্তাল গুৱাহাটীৰ ৰেডিছন ব্লু’ হোটেলৰ সন্মুখভাগ।মহাৰাষ্ট্ৰৰ প্ৰায় অৰ্ধ শতাধিক বিধায়ক হোটেলত আৱদ্ধ কৰি ৰখাৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা সজাতি দলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।
ইফালে কংগ্ৰেছৰ প্ৰতিবাদক বাধা দিবলৈ পূৰ্বৰে পৰা সষ্টম হৈ আছিল আৰক্ষী।প্ৰতিবাদীক চোঁচৰাই টানি- আজুৰি আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে যোৱা বুধবাৰৰ পৰা মহাৰাষ্ট্ৰৰ বহুসংখ্যক বিসম্বাদী বিধায়ক আৱদ্ধ হৈ আছে হোটেলখনত।

Your Comments