
নিউজ ডেস্ক:
ভাৰতৰ পৰা প্ৰাকৃতিক জৈৱিক আৰু জিআই কৃষিজাত সামগ্ৰীৰ ৰপ্তানি সম্ভাৱনাৰ ওপৰত গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত বিশেষ সন্মিলন।সন্মিলনখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।প্ৰাকৃতিক জৈৱিক আৰু জি আই কৃষিজাত সামগ্ৰীৰ উত্তৰ-পূৱ আৰু অসমৰ পৰা ৰপ্তানি বৃদ্ধি কৰিবৰ বাবে আয়োজন কৰা হয় সন্মিলনখন।সন্মিলনত অংশগ্ৰহণ কৰে বহু কেইখন ৰাজ্যৰ ৰপ্তানিকাৰী।অসমৰ জৈৱিক আৰু জি আই কৃষিজাত সামগ্ৰীৰ ৰপ্তানি অধিক বৃদ্ধি পাব ।সন্মিলনখনৰ জৰিয়তে কৃষকক মধ্যভোগীৰ কবলৰ পৰা আতঁৰ কৰি ৰখাৰো চেষ্টা কৰা হৈছে।সন্মিলনত কৃষকসকলে পোনপটীয়াভাৱে ৰপ্তানিকাৰী বা ৰপ্তানি কৰা প্ৰতিষ্ঠান সমূহৰ লগত যোগাযোগ কৰাৰ সুবিধা লাভ কৰিছে।
উল্লেখ্য যে সন্মিলনখনৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হৈছে ৰপ্তানিৰ লগত জড়িত কাৰিকৰী দিশসমূহ।বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ববুলি- মন্ত্ৰী অতুল বৰাই কয়।কৃষক সন্মাননিধিত প্ৰকৃত কৃষকক স্থান দিবৰ বাবে অধিক ক্ষীপ্ৰতাৰে কাম কৰি থকা হৈছে।ইতিমধ্যে বহু কৃষক নোহোৱাকৈ কৃষক সন্মান নিধিত অন্তৰ্ভুক্ত হোৱা লোক ধৰা পৰাৰ কথাও স্বীকাৰ কৰে মন্ত্ৰী বৰাই।
- Log in to post comments
- 6 views