বানাক্ৰান্তলৈ ১৬খন সামগ্ৰী ভৰ্তি বাহন প্ৰেৰণ অসম প্ৰদেশ কংগ্ৰেছৰ

A

নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ বান সাহায্য ভৰ্তি বাহন প্ৰেৰণ।বানাক্ৰান্ত অঞ্চললৈ সামগ্ৰী ভৰ্তি বাহন গুৱাহাটী ৰাজীৱ ভৱনত মুকলি কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।১৬খনকৈ বাহন বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছে কংগ্ৰেছে।
গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা বিভিন্ন জিলালৈ প্ৰেৰণ কৰা বান সাহায্য ভৰ্তি বাহনৰ ফ্লেগ অ'ফ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, ৰকিবুল হুছেইন প্ৰমুখ্যে জ্যেষ্ঠ নেতাসকলে।
গুৰুত্বপূৰ্ণ কথা এই যে, ৮খন গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা  ৰাওনা হৈছে।৩খন নগাঁও, ৩খন বৰাকত, ২খন কাৰ্বি আংলঙত ,১খন মাজুলী, ২খন লখিমপুৰ জিলালৈ বান সাহায্য সামগ্ৰী লৈ ৰাওনা হ’ব- এই কথা জনায় ভূপেন বৰাই।
“বানাক্ৰান্তক যিমান সহায় কৰিব লাগে কৰিব পৰা নাই তাৰ বাবে দুখিতঃ ৷বহুকেইটা ৰাজনৈতিক দল আছে।বিজেপি আমাতকৈ ধনী দল, চৰকাৰ হিচাপে কৰিছে কিন্তু ৰাজনৈতিক দল হিচাপে কৰা নাই”- বৰাই লগতে কয়।
অসমৰ ৰাজনীতিত বিৰোধী শক্তি হিচাপে আৰ্থিক ভাৱে ইমান শক্তিশালী নহয়।চৰকাৰে কমবেছি পৰিমানে কিছু সাহায্য দিছে।কংগ্ৰেছৰ বাদে কোন ৰাজনৈতিক দলে সাহায্য দিছে।আমাৰ আন্তৰিকতা প্ৰয়াসক কোনেও সন্দেহ কৰিব নালাগে।নেতা, বিধায়ক, কর্মীসকলৰ পৰা উঠোৱা চান্দা পইচাৰে যদি ১৬গাড়ী বস্তু পঠিয়াব পাৰো তেন্তে শাসনত বহি থকা দোকানী-বেপাৰীৰ পৰা চান্দা বেছি লোৱা বিজেপিয়ে কি কৰিছে- বৰাই কয়।
ইফালে এআইইউদিএফক কটাক্ষ কৰি অ'গৰ ব্যৱসায় কৰি চৰকাৰৰ লগত মিলি যুটীয়া ভাৱে অ'গৰ ব্যৱসায়ী কৰা সকলে বানপানীত কি কৰিছে।কলিকতাৰ পৰা অহা যোৱা কৰি পইচা আনি থকা সকলে কি কৰিছে বুলিও  ভূপেন বৰাই ক্ষোভ উজাৰে ৷

Your Comments