বান পৰিস্থিতিৰ বাবে ২৫জুনৰ পৰা ৰাজ্যত গৰম বন্ধ

A

নিউজ ডেস্ক:

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে শিক্ষা বিভাগৰ গুৰুত্ব পূৰ্ণ সিদ্ধান্ত।আগবঢ়াই দিয়া হ'ল শিক্ষানুষ্ঠানৰ গৰম বন্ধ।২৫জুনৰ পৰা ২৫জুলাইলৈ গৰম বন্ধ ঘোষণা শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ।উল্লেখ্য যে, বৰ্তমানো ৰাজ্যৰ বহুকেইখন জিলা বানপানীৰ কবল।ইতিমধ্যে বন্ধ হৈ আছে বিদ্যালয় মহাবিদ্যালয়।তাৎপৰ্যপূৰ্ণ কথা এই  যে শিক্ষাৰ্থীৰ যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আগবঢ়াই দিয়া হৈছে গৰম বন্ধ।এই কথা জনতা ভৱনত ঘোষণা কৰে মন্ত্ৰী পেগুৱে।উল্লেখ্য যে, পূৰ্বতে ১জুলাইৰ পৰা ৰাজ্যত ঘোষণা হয় গৰম বন্ধ।

Your Comments