মহাৰাষ্ট্ৰ বিধায়ক প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য "লক্ষ্মী আহিছে অসমলৈ আমি খেদি দিব নোৱাৰো"

A

নিউজ ডেস্ক:

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চৰকাৰৰ বিসম্বাদী শিবিৰ বিধায়ক গুৱাহাটীত বাহৰ পতা প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।“গুৱাহাটীত ভাল হোটেল আছে সকলো আহিব লাগে।দুৰ্যোগৰ বাবে এই সময়ত আমাক টকা লাগে।অসমলৈ ৪০গৰাকী লক্ষ্মী আহিছে আমি খেদি দিব নোৱাৰো”- মুখ্যমন্ত্ৰী শৰ্মাই কয়।
"অসমৰ হোটেলত এজন মানুহ থকা মানেই আমি জি এছ টি পাম অৰ্থাৎ তাৰ পৰা উপাৰ্জন হ’ব।বিদেশৰো ৰাজনীতিৰ মূল কেন্দ্ৰ গুৱাহাটীত হলে ভাল পাম"-শৰ্মাই লগতে কয়।
ৰাজ্য চৰকাৰক এইসময়ত বহুত পইচা লাগে, গতিকে হোটেলসমূহ খালি হৈ থাকিলে বানপানীৰ লগত কিদৰে মোকাবিলা কৰিম।অসম বানপানীত ডুবি আছে, এই সময়ত আমি কষ্টত আছোঁ।গতিকে ভাৰতৰ পৰ্যটক আহি অসমৰ হোটেলত থাকিলে আমাৰ উপাৰ্জন হ’ব- লগতে মুখ্যমন্ত্ৰীয়ে কয়।উল্লেখ্য যে,আজি পুৱা গুৱাহাটীত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্তই সাক্ষাৎ কৰিছিল বিধায়কসকলক।ইফালে আজি নিশাৰ ভাগলৈ বিধায়ক সকলৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বৈঠকত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Your Comments