বৰভাগৰ বানাক্ৰান্তৰ মাজত মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

আজি আবেলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰী  জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত ৰাইজৰ খা-খবৰ লয়৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে সকলো বানাক্ৰান্ত ৰাইজে সাহাৰ্য পাব৷যদি কোনো বানাক্ৰান্ত ৰাইজে সাহাৰ্য নোপোৱা অভিযোগ পাওঁ তাৰ তদন্ত কৰি ততাতৈয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷তেওঁ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লব পৰাকৈ ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ স্থাপন কৰিব বুলিও কয়৷আনহাতে ভগ্ন মঠাউৰি সমূহ সোনকালে মেৰামতি কৰাৰো আশ্বাস দিয়ে৷ইয়াৰোপৰি সাংবাদিকে বৰভাগৰ দুসুঁতি মুখৰ উন্মোক্ত শ্লুইছ গেটটো কেতিয়া সম্পূৰ্ণ হ’ব বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰো এটি ব্যৱস্থা শীঘ্ৰে কৰা হ’ব৷আজি মুখ্যমন্ত্ৰীৰ লগত নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকন,নলবাৰী জিলাৰ সকলো বিভাগৰে মুৰব্বী বিষয়া কৰ্মচাৰীৰ লগতে জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ সহ অসংখ্য দলীয় কাৰ্যকৰ্তাই  সহযোগ কৰে৷ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকী বৰভাগ মহাবিদ্যালয় আশ্ৰয় শিবিৰত উপস্থিত হয়৷

 

Your Comments