যন্ত্ৰচালিত শালত প্ৰস্তুত কৰা কাপোৰৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাৰ অভিযান

A

নিউজ ডেস্ক:

শুৱালকুচিৰ শিপিনীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গুৱাহাটী পাণবজাৰ আৰক্ষী থানাই অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াৰ সহযোগত পাণবজাৰ আৰু ফাঁচীবজাৰ এলেকাত ৮খন দোকানত অভিযান চলায়।পাণবজাৰ  আৰক্ষী থানাৰ এছ আই প্ৰনব ডেকাৰ নেতৃত্বত চলা অভিযানত কুমাৰ চিল্ক, আন্তিৰ দোকান, হীৰা কালেকচন, কিৰণ চিল্ককে ধৰি বহুকেইখন দোকানত তদন্ত কৰি সন্দেহ জনক যন্ত্ৰ চালিত তাঁত শালত বোৱা মেখেলা চাদৰ থানাৰ বিষয়াই জব্দ কৰে।জব্দ হোৱা কাপোৰ সমূহ হস্তঁতাত সংৰক্ষণ আইন, ১৯৮৫ মৰ্মে  পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।আৰক্ষীৰ এই অভিযানত সহযোগ কৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকল হৈছে উপ সঞ্চালক জয়ন্ত দেৱ শৰ্মা, মুখ্য বস্ত্ৰশিল্প বিষয়া ৰীতা দেবী, কামৰূপ জিলাৰ সহকাৰী সঞ্চালক নিশি কান্ত শৰ্মা, পৰিদৰ্শক চন্দন বৰা, প্ৰতুল দাস, মৃগাংক শইকীয়া, মস্মিনা বেগম আৰু পাৰুল বেজ ভৰালী।

Your Comments