কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

A

নিউজ ডেস্ক:

সমগ্ৰ বিশ্বৰ লগতে আজি কটন বিশ্ববিদ্যালয়তো অষ্টম সংখ্যক যোগ দিৱস পালন কৰা হয়।বিশ্ববিদ্যালয়ৰ ড° টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহাদেৱ পাটগিৰিয়ে।তেখেতৰ লগতে  অধ্যাপক মনজি‌ৎ কুমাৰ ভট্টাচাৰ্য, ডিন ছাত্ৰ কল্যাণ, অধ্যাপক প্ৰশান্ত শৰ্মা, সঞ্চালক, ছাত্ৰ কল্যাণ, কটন বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতি ড‌° ৰুমা তালুকদাৰ, সহযোগী অধ্যাপিকা ড° বন্দনা শৰ্মা, ড° পৰিস্মিতা বৰদলৈ, ড° দেৱজ্যোতি বৰুৱা, ইন্দোৰ ষ্টেডিয়ামৰ শাৰীৰিক নিৰ্দেশক ড° কুলেন দাসসহ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই যোগ কাৰ্যসূচীত অংশগ্ৰহন কৰে । উল্লেখ্য যে মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দ্ধাৰণ কৰি দিয়া দুটা দিনত যোগৰ কৰ্মশালাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা ক্রীড়া বিষয়াৰ সহযোগত কটন বিশ্ববিদ্যালয়ত ৬জুনৰ পৰা ২০জুনলৈ প্ৰতিদিনে আবেলি ৪বজাত যোগাসন কাৰ্যসূচী ৰূপায়ণ কৰে।বিশ্ববিদ্যালয়ৰ এই যোগ কাৰ্যসূচীত প্ৰশিক্ষকৰূপে অংশগ্রহণ কৰে উদ্যোগী তথা পেছাদাৰী যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে। তেখেতৰ সৈতে সহযোগিতা আগবঢ়ায় ধ্ৰুৱজ্যোতি হালৈয়ে।উল্লেখ্য যে ২০১৫ চনৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী কটন বিশ্ববিদ্যালয়ে প্ৰতিবছৰে পালন কৰি আহিছে ৷

Your Comments