লংকাত আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে গাড়ী প্ৰৱঞ্চক চক্ৰৰ এটি দল

A

নিউজ ডেস্ক:

লংকাত আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে গাড়ী প্ৰৱঞ্চক চক্ৰৰ এটি দল।
সোমবাৰে আৰক্ষীৰ জালত পৰে গাড়ী প্ৰৱঞ্চক চক্ৰটোৰ মাষ্টাৰ মাইণ্ড।
ধৃত প্ৰৱঞ্চকটো হৈছে আব্দুলা আহমেদ ওৰফে মাইনা।
হোজাইৰ বিভিন্ন স্থানৰ পৰা কিস্তি দিবলৈ বাকী থকা গাড়ীৰ কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি দি বহিঃৰাজ্যত বিক্ৰী কৰি আহিছিল প্ৰৱঞ্চকৰ দলটোৱে।
উল্লেখ্য যে,জিলাখনৰ বিভিন্নজন লোকৰ পৰা আদালতৰ নটাৰী যোগে গাড়ীসমূহ ক্ৰয় কৰি আব্দুলাৰ প্ৰৱঞ্চক চক্ৰটোৱে বিক্ৰী কৰি আহিছিল বহিঃৰাজ্যত।
শেহতীয়াকৈ সোমবাৰে লংকাৰ কাকী আৰক্ষীৰ জালত পৰে শিৱসাগৰ জিলাৰ মৰাণৰ সেউজ নগৰৰ আব্দুলা আহমেদ ওৰফে মাইনা নামৰ প্ৰৱঞ্চকটো।
বৰ্তমান কাকী আৰক্ষীৰ জিম্মাত সোধাপোছা অব্যাহত আছে।

 

Your Comments