গণেশগুৰিত অগ্নিপথৰ বিৰুদ্ধে আপৰ ভাতৃ সংগঠন ছাত্ৰ যুৱ সংগ্রাম সমিতিৰ প্ৰতিবাদ; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

A

নিউজ ডেস্ক:

অগ্নিপথৰ বিৰুদ্ধে গণেশগুৰিত আম আদমী পাৰ্টী ভাতৃ সংগঠনৰ প্ৰতিবাদ।কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ যুৱ সংগ্ৰাম সমিতি।"চাৰি বছৰীয়া ঠিকা ভিত্তিক নিযুক্তিয়ে দেশৰ যুৱ প্ৰজন্মক অনিশ্চিত ভৱিষ্যতলৈ নিব"-প্ৰতিবাদত অংশগ্ৰহণ কৰি এই গুৰুতৰ অভিযোগ আপৰ।
ইফালে প্ৰতিবাদকাৰীক বাধা দিবলৈ সষ্টম হৈ আছিল অৰ্ধশতাধিক আৰক্ষী-অৰ্ধসামৰিক বাহিনী ।প্ৰতিবাদ আৰম্ভ কৰাৰ লগে লগেই আৰক্ষীয়ে আটক কৰে।
উল্লেখ্য যে গণেশগুৰি উৰণীয়া সেঁতুৰ তলত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা আপ ভাতৃ সংগঠনৰ নেতৃত্বই কয়- মোডী চৰকাৰৰ প্ৰতিশ্ৰুতি বছৰি ২কোটি কৈ চাকৰি দিব।একেদৰে হিমন্ত চৰকাৰে বছৰি ১লাখকৈ চাকৰি প্ৰতিশ্ৰুতি দিছিল।কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰা সলনি যুৱ-সমাজক প্ৰতাৰণাৰে দুৰ্ভোগহে দিছে।মোডী চৰকাৰ হায় হায়, অগ্নিপথ আঁচনি বাতিল কৰক, বিজেপি মূর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে সংগঠনটোৱে ৷

Your Comments