
নিউজ ডেস্ক:
কামাখ্যা দেৱালয়ৰ অম্বুবাচী মেলাক লৈ কামৰূপ(ম) জিলা প্ৰশাসনৰ সংবাদমেল।জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মহানগৰ যান-বাহন শাখা আৰক্ষী ডি চি পি হিৰণ্য বৰ্মন আৰু গুৱাহাটী পশ্চিম আৰক্ষী জিলা ডি চি পি নৱনীত মহন্তৰ সংবাদমেল সম্বোধন।২২জুনৰ পৰা হ'ব লগা অম্বুবাচীক লৈ কেতবোৰ বিশেষ নীতি- নিৰ্দেশনা জাৰি জিলা প্ৰশাসনৰ।
কামাখ্যা দেৱালয়লৈ যোৱা পথত কোনো ধৰণৰ বিপনী, কেম্প আদি থাকিব নোৱাৰিব।কেৱল খোৱাপানী,ORS আদি সামগ্ৰীহে যোগান ধৰাৰ অনুমতি নিৰ্দিষ্ট সংখ্যক বে-চৰকাৰী সন্থাক।
ইফালে কামাখ্যালৈ অহা দর্শনাৰ্থীৰ বাবে ৩টাকৈ কেম্পৰ ব্যৱস্থা কৰা হৈছে।২২জুনৰ পৰা কিছু সাল-সলনি হ’ব কামাখ্যা -জালুকবাৰী পথৰ যাতায়াত।স্বচ্ছতাৰ বাৰ্তা লৈ এইবাৰ অম্বুবাচী মেলা আয়োজন কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে- উপায়ুক্ত ঝাঁই কয়।
ইফালে জৰুৰীকালীন চিকিৎসাৰ সুবিধা হোৱাকৈ ৩খন এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল সকলো সময়তে উপলব্ধ থাকিব।প্ৰশাসনে প্ৰস্তুত কৰা স্বাস্থ্য শিবিৰত ল'ব পাৰিব সহায় ৷
আনহাতে যান-বাহন আৰক্ষীৰ নিৰ্দেশনা মতে কামাখ্যা দেৱালয়লৈ কোনো ধৰণৰ যান-বাহন উক্ত দিনকেইটাত যাব নোৱাৰিব।২২জুনৰ পৰা ২৬জুনলৈ আন্তঃজিলা যাতায়ত কৰা দূৰণিৱটীয়া গধূৰ বাছসমূহ বি জি ৰোড আৰু এম জিত চলাচল কৰিব নোৱাৰিব।ভৰলুৰ দিশৰ পৰা অহা বাহনসমূহ বৰিপাৰা খেলপথাৰ ,আদাবাৰী বাছ আস্থানত থকা পাৰ্কিঙত ৰাখিব লাগিব।মালিগাঁও দিশৰ পৰা পৰা অহা বাহনসমূহ সোণাৰাম খেলপথাৰত থকা পাৰ্কিঙত ৰাখিব লাগিব।
আনহাতে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা ৫০০ৰো অধিক চিচিটিভি সংলগ্ন কৰা হৈছে।দেৱালয় কৰ্তৃপক্ষই ৩০০চিচিটিভি সংলগ্ন কৰিছে।অম্বুবাচী মেলাত পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব।
ইফালে ভূমিস্খলনক লৈ উপায়ুক্তৰ মন্তব্য গুৱাহাটীত ৭৭টা স্থানত বিগত দিন কেইটাত ভূমিস্খলন হৈছে।
- Log in to post comments
- 15 views